NORTHEAST NOW (Assamese)

Road Accident মৰ্মান্তিক! টীয়কত যুৱকৰ তীব্ৰ বেগী বাইকৰ খুন্দাত থিতাতে নিহত শিশু

November 25, 2021 8:41 pm · নিৰ্মলেন্দু পাঠক ,টীয়ক

Road Accident যোৰহাট জিলাৰ টীয়কত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গুৱাল গাঁও তিনিআলিত আজি সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত এটি ৯ বছৰীয়া শিশু থিতাতে নিহত হয় ।

নিহত শিশুটিৰ নাম অভিষেক দত্ত। তেওঁ ৩৬ নং টীয়ক প্ৰাথমিক বিদ্যলয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ তথা গুৱাল গাঁও তিনিআলিৰ প্ৰাঞ্জল দত্তৰ পুত্ৰ।

ঘটনাৰ বিৱৰণ অনুসৰি  শিশুটি পথটো পাৰ হ’বলৈ অহা অৱস্থাত যোৰহাটৰ পৰা শিৱসাগৰ অভিমুখী এখন নম্বৰ প্লেট বিহীন KTM বাইকে খুন্দা মাৰে।

Also Read: ফাঁচীবজাৰ চ’কৰ নতুন নামকৰণক লৈ বিতৰ্ক; গৰজি উঠিল জাতীয় দল-সংগঠন

মূৰ আৰু বুকু আঘাত পোৱা শিশুটি ঘটনাস্থলীতেই মৃত্যুৰ মুখত পৰে। 

দুৰ্ঘটনা সংঘটিত কৰা বাইক আৰোহী যুৱক অংকুৰজ্যোতি হাতীবৰুৱাক টীয়ক আৰক্ষীয়ে বাইকসহ  আটক কৰিছে । 

Related News