NORTHEAST NOW (Assamese)

হিজাব বিতৰ্ক চলি থকাৰ মাজতে কৰ্ণাটকত বজৰং দলৰ কৰ্মীক হত্যা; উত্তেজনা অব্যাহত

February 21, 2022 11:45 am · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যখনত হিজাব বিতৰ্ক চলি থকাৰ মাজতে হিন্দুত্ববাদী সংগঠন বজৰং দলৰ কৰ্মীৰ হত্যাক লৈ উত্তেজনা বিৰাজ কৰিছে কৰ্ণাটকৰ শিবমোগাত। প্ৰশাসনে ইতিমধ্যে উক্ত অঞ্চলটোত ১৪৪ধাৰা জাৰি কৰিছে।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে দেওবাৰে নিশা ৯-৩০বজাত বজৰং দলৰ কৰ্মী ২৩ বছৰীয়া হৰ্ষক হত্যা কৰা হয়।

কেইবাজনো দুস্কৃতিকাৰীয়ে হৰ্ষক ছুৰীকাঘাত কৰি পলায়ন কৰে।পিছত তেওঁক উদ্ধাৰ কৰি হাস্পাতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

লগতে পঢ়ক:কলিয়াবৰ তিনিআলিত নিশা ঘটা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন পথাচাৰী

ইপিনে, এই ঘটনাৰ পিছতে শিবমোগা চহৰৰ ছিগেহট্টি অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। কেইবাখনো বাহনত অগ্নিসংযোগৰ ঘটনাও ঘটে।

আনহাতে, ৰাজ্যখনত চলি থকা হিজাব বিতৰ্কৰ সৈতে এই ঘটনাৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰিছে কৰ্ণাটকৰ গৃহমন্ত্ৰীগৰাকীয়ে।

তেওঁ সকলোকে ধৈৰ্য ৰাখিবলৈ আহ্বান জনাই কয় যে তদন্ত চলি আছে আৰু শীঘ্ৰেই দোষীক গ্ৰেপ্তাৰ কৰা হ’ব।       

Related News