NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰ তিনিআলিত নিশা ঘটা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন পথাচাৰী

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ February 21, 2022 10:55 am
Pedastrian died

দেওবাৰে নিশা কলিয়াবৰ তিনিআলিত ঘটা এটা ভয়ংকৰ পথ দুৰ্ঘটনাত এজন পথাচাৰী নিহত হয়।

কলিয়াবৰ তিনিআলিত ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ লওঁতেই পথাচাৰীজনক দ্ৰুতবেগী অচিনাক্ত বাহনে খুন্দিয়াই পলায়ন কৰে।

অৱশ্যে কলিয়াবৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পথচাৰীজনক উদ্ধাৰ কৰি জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে।

লগতে পঢ়ক:অপহৰণ! নগাঁৱত আৰক্ষীয়ে উদ্ধাৰ কৰিলে মুম্বাইৰ কিশোৰী

মৃত লোকজন কলিয়াবৰ তিনিআলিৰ ধনেশ্বৰ বিশ্বাস বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

কলিয়াবৰ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনখনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।