NORTHEAST NOW (Assamese)

দেৱালত লিপিট খাই ৰৈ আছে এটা কল, নিলামত দাম উঠিল ৫২ কোটি টকা, কিন্তু কিয়?

November 24, 2024 1:26 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 24, 2024 1:28 pm
ফটোঃ সংগ্ৰহীত।

এটা কলৰ দাম ৫২ কোটি টকা। কথাটো শুনিয়েই নিশ্চয় চকু কপালত উঠিব। সমগ্ৰ আমেৰিকাতে এই খবৰটোক কেন্দ্ৰ কৰি তোলপাৰৰ সৃষ্টি হৈছে। তাত ৬.২ মিলিয়ন ডলাৰত বিক্ৰী হৈছিল কলটো। সি যি কি নহওক, এতিয়া আচল কথাটোলৈ অহা যাওক। কোৱা হয় যে চিত্ৰকলা সকলোৰে বোধগম্য নহয়। সেইটোৱেই ইয়াত প্ৰকাশ পাইছে।

ছবি যেতিয়া শীৰ্ষত থাকে তেতিয়া ইয়াৰ দাম হয়তো এনেদৰেই জোখা হয়। সাধাৰণভাৱে চালে দেখাত বেৰত লিপিট খাই থকা এটা কল। এই অসাধাৰণ ভৱনাৰ ছবিখনেই অমূল্য দামত বিক্ৰী হৈছে। নিউয়ৰ্কৰ বাসিন্দাসকলে চিত্ৰকলাৰ এই ছবিখন নিজ চকুৰে দেখিলে। তাতেই শেষ নহয়, এই ছবিখন কোনে কিনিব তাক লৈও বহু ব্যস্ততা দেখা আছিল। বহুতেই তাৰ বাবে যিকোনো মূল্য দিবলৈ সাজু আছিল।

সেই সমস্যা সমাধানৰ বাবে আয়োজন কৰা হৈছিল নিলাম। যি টকাৰ বিনিময়ত ছবিখন বিক্ৰী হৈছে ভাৰতীয় টকাত তাৰ মূল্য ৫২ কোটি টকা। কিন্তু মনত প্ৰশ্ন আহিব পাৰে যে এটা কলৰ দাম ৫২ কোটি টকা? এই ধৰণৰ আন ছবি পূৰ্বতে অধিক দামত বিক্ৰী হৈছে। এই ছবিখনৰ অৰ্থ হ’ল ৱালত লিপিট খাই থকা কলটো নকল নহয়। ইয়াক বেৰৰ পৰা আঁতৰাই নি যিকোনো ঠাইতে ৰাখিব পাৰি।

তাৰ পিছত প্ৰশ্ন হয় কিয় ইয়াৰ ইমান দাম। তাৰ উত্তৰ হ’ল যে ছবিখন ইটালীৰ বিখ্যাত শিল্পী মৌৰজিও কাটালানে অংকন কৰিছিল। তেওঁ ইয়াৰ নাম ৰাখিছে কমেডিয়ান। নিলামত ইয়াৰ মূল্য প্ৰথমে ১৫ লাখ ডলাৰৰ পৰা আৰম্ভ হৈছিল আৰু ৬.২ মিলিয়ন ডলাৰত শেষ হৈছিল।

যদি আপোনাৰ ঘৰতো এনেকুৱা এখন ছবি থাকে তেতিয়া আপোনাৰ ঘৰলৈ আহি বহুত মানুহ ভ্ৰমত পৰিব পাৰে। তেন্তে পিছত ঘৰলৈ লৈ যাব নেকি তেনে এখন ছবি।

Related News