NORTHEAST NOW (Assamese)

চামগুৰিৰ কনুৱামাৰীত উদ্ধাৰ সুগৰি পহু; স্থানীয় ৰাইজে গটালে বন বিভাগক

November 25, 2019 5:47 pm · ভাৰ্গব হাজৰিকা
ফটো : নৰ্থ-ইষ্ট নাও

নগাঁৱৰ চামগুৰিৰ শালনা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত আৰু উদমাৰী উপ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অধীনৰ কনুৱামাৰীত সোমবাৰে পুৱাই স্থানীয় ৰাইজে এটা সুগৰি পহু উদ্ধাৰ কৰে।

স্থানীয় ৰাইজে পোন প্ৰথমে কনুৱামাৰী অঞ্চলৰ এঘৰত পহুটো প্ৰত্যক্ষ কৰাৰ পাছত ৰাইজে কৰায়ত্ব কৰি উদমাৰী উপ খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীক গতাই দিয়ে।

বন বিভাগৰ দলটোৱে ৰাইজৰ পৰা পহুটো চমজি লৈ চামগুৰি ৰাজ্যিক পশু চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত মুক্ত কৰি দিয়ে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত।

আনহাতে সুগৰি পহুটো সমীপৰে লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে কনুৱামাৰিৰ স্থানীয় ৰাইজৰ লগতে বন বিভাগৰ লোকে।

Related News