NORTHEAST NOW (Assamese)

স্থানীয় ৰাইজৰ সহযোগত পোহৰলৈ আহিল কলিয়াবৰ কৃষি বিভাগৰ বীজ কেলেংকাৰি

April 26, 2019 12:21 pm · ৰিদিপ শৰ্মা
ফটো : নৰ্থ-ইষ্ট নাও

কলিয়াবৰৰ কৃষি বিভাগৰ কাৰ্যালয়ত ভয়ংকৰ বীজ কেলেংকাৰি সংঘটিত হোৱাৰ এক ঘটনা বৃহস্পতিবাৰে পোহৰলৈ অহাত সচেতন লোক তথা কৃষকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে বৃহস্পতিবাৰে কলিয়াবৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত স্থানীয় ৰাইজে কেইবা বস্তাভৰ্তি এখন টেম্প’ জব্দ কৰি কলিয়াবৰ আৰক্ষীক খবৰ দিয়াত ঘটনাৰ ৰহস্য ফাদিল হয়।

টেম্প’খনত ১৫ কুইণ্টল মাটিমাহ আৰু মগুমাহৰ বীজভৰ্তি কেইবাটাও বস্তা কলিয়াবৰ আৰক্ষীয়ে উদ্ধাৰ কৰে আৰু বাহন খন জব্দ কৰি কলিয়াবৰ আৰক্ষী চকীলৈ লৈ আহে। ঘটনা সন্দৰ্ভত সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে।

নীতি বহিৰ্ভূতভাৱে  AS 02 BC 1905  নম্বৰ টেম্প’খনে এই বুজন পৰিমাণৰ বীজৰ সৰবৰাহৰ অভিযোগ উত্থাপন কৰিছে  স্থানীয় ৰাইজে।

টেম্প’খনৰ জৰিয়তে মাহৰ বীজখিনি কলিয়াবৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা ৰূপহীহাটলৈ সৰবৰাহৰ চেষ্টা কৰিছিল। তদুপৰি চালকৰ হাতত নাছিল কোনো বিভাগীয় নথি-পত্ৰ। সেয়ে স্থানীয় ৰাইজৰ সন্দেহ ওপজাত কলিয়াবৰ আৰক্ষীৰ সহায়ত বাহনখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰিবলৈ সক্ষম হয়।

আনহাতে এই ভয়ংকৰ বীজ কেলেংকাৰিত কৃষি বিভাগৰ বিষয়া জড়িত থকাৰো অভিযোগ আনিছে কলিয়াবৰৰ স্থানীয় ৰাইজে।

Related News