NORTHEAST NOW (Assamese)
অসম

নগাঁও প্ৰেছ ক্লাৱত ঘনকান্ত বৰাৰ ‘নিৰিবিলি’ কাব্যগ্ৰন্থ উন্মোচন

Posted by: মিণ্টু দাস November 5, 2018 10:15 pm
Book released

‘কবিতা অন্তৰৰ এক স্বত:স্ফুৰ্ত প্ৰকাশ। মানুহৰ মনৰ ভাৱ, আবেগ, অনুভূতি আদি কবিতাৰ মাজেৰে প্ৰকাশ কৰিব পাৰি’। এই মন্তব্য বিশিষ্ট নাট্যকাৰ, সাহিত্যিক ডাঃ দিলীপ কুমাৰ বৰুৱাৰ।

আজি নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সভাপতিত্ব কৰি দিয়া ভাষণত ডাঃ বৰুৱাই এইদৰে মন্তব্য কৰি কয়- ‘কাব্য সাহিত্যৰ জৰিয়তে সমাজৰ প্ৰতিচ্ছবি দাঙি ধৰিব পাৰি’।

বিশিষ্ট লিখক, শিক্ষাবিদ ঘনকান্ত বৰাৰ ‘নিৰিবিলি’ কাব্য গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকাই কয়, ‘কবিতা আচলতে শব্দৰ সৃষ্টি। মানুহৰ মাজত আবেগ, অনুভূতি সৃষ্টি কৰিব পৰা এক মাধ্যম হ’ব পাৰে কবিতা’।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক যতীন সুতে সাম্প্ৰতিক সময়ৰ পৰিস্থিতি ব্যাখ্যা দাঙি ধৰাৰ লগতে সাহিত্য কৃতীৰ বিষয়েও ব্যাখ্যা দাঙি ধৰে।

সভাত লিখক মোলান লস্কৰ, শিক্ষাবিদ বাছেদ আলী, ৰাঙলু শাখা সাহিত্য সভাৰ সভাপতি নজিবুৰ ৰহমান, কল্পনা শ‌ইকীয়া, সাহিত্যিক কেশৱ বৰা আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে লিখক ঘনকান্ত বৰাই। সভাৰ আৰম্ভণিতে ছাত্ৰী জ্যোতিস্মিতা ভাগৱতীয়ে কবিতা পাঠ কৰে। উল্লেখ্য যে, নগাঁও জিলাৰ কঠিয়াতলী নিবাসী ঘনকান্ত বৰাৰ অতি মৰমৰ নাতিনী নিৰিবিলি বৰাৰ আজি পঞ্চম সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি ঘনকান্ত বৰাই এই গ্ৰন্থখন প্ৰকাশ কৰি উলিওৱা বুলি জানিবলৈ দিয়ে।