NORTHEAST NOW (Assamese)
অসম

NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী জাৰি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 19, 2026 10:54 am

কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে মেডিকেল প্ৰৱেশ পৰীক্ষা NEET-UG প্ৰশ্নকাকত ফাদিল গোচৰত ‘বিশেষাধিকাৰ ভংগৰ’ (প্ৰিভিলেজ) জাননী জাৰি কৰিছে।

বিজেপি বিৰোধীসকলে এই প্ৰশ্ন উত্থাপন কৰিছে যে ২০২৪ চনত সকীয়াই দিয়াৰ পিছতো চৰকাৰে কিয় NEET প্ৰশ্নকাকত ফাদিল বিষয়টোৰ বিষয়ে সচেতন নাছিল? ভবিষ্যতে এনে ঘটনা সংঘটিত নহয় বুলি আশ্বাস দিও কিয় বাধা দিব পৰা নাই? সৰৱ হৈ পৰিছে বিৰোধী।

জয়ৰাম ৰমেশৰ দাবী যে যোৱা ১৫ মে’ত এখন সংবাদমেলত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এটা ডাঙৰ মন্তব্য কৰিছিল।তেওঁৰ মন্তব্য আছিল যে শিক্ষা সম্পৰ্কীয় সংসদীয় কমিটীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এনটিএ) সন্দৰ্ভত সকীয়াই দিছিল। অৱশ্যে সেই প্ৰতিবেদন মানি লোৱা নাছিল মোডী চৰকাৰে।

সেই প্ৰেক্ষাপটত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে সংসদীয় কমিটীত বিৰোধী দলৰ সদস্যও আছে। সেয়ে, তেওঁলোকে দিয়া প্ৰতিবেদনৰ বিষয়ে মই কোনো কথা নকওঁ।

মন্ত্ৰীৰ এই মন্তব্যক জয়ৰাম ৰমেশে বিশেষাধিকাৰ ভংগ কৰাৰ অস্ত্ৰ হিচাপে লৈছে। সোমবাৰে তেওঁ ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনলৈ এখন পত্ৰ লিখিছে। এয়া কেবল সংসদীয় সমিতিৰ অপমানেই নহয়, আচলতে মন্ত্ৰীগৰাকীয়ে সংসদকে অপমান কৰিছে বুলিও তেওঁ কয়।

দৰাচলতে মন্ত্ৰীগৰাকীয়ে নিজেই সংসদক অসন্মান কৰিছে। সংসদীয় সমিতিৰ মৰ্যাদাক অস্বীকাৰ কৰিছে তেওঁ। যিটো একেবাৰেই বাঞ্ছনীয় নহয়। সেয়েহে ৰাজ্যসভাত কংগ্ৰেছৰ মুখ্য সচেতক জয়ৰাম ৰমেশে ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছে।

আনহাতে, ২০২৪ চনৰ সংসদৰ এখন নথিত কোৱা হৈছে যে NEET প্ৰশ্নকাকত ফাদিলৰ বিষয়ত ১১জন বিৰোধী সাংসদে চৰকাৰক প্ৰশ্ন কৰিছিল। তেওঁলোকে চৰকাৰৰ পৰা জানিব বিচাৰিছিল প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে? ইয়াৰ প্ৰত্যুত্তৰত চৰকাৰে তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হ’ব বুলি আশ্বাস দিয়ে। ২০২৪ চনৰ ২১ এপ্ৰিলত সেই সমিতিয়েও মন্ত্ৰালয়ৰ ওচৰত প্ৰতিবেদন দাখিল কৰে। কিন্তু তাৰপিছতো NEET প্ৰশ্নকাকত পুনৰ কিয় ফাদিল হ’ল? বিৰোধীয়ে প্ৰশ্ন তুলিছে।