NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতীয় ৰে’লৱেৰ পৰা পদত্যাগ ভিনেশ ফোগাটৰ; হাৰিয়ানাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান ভিনেশ, বজৰঙৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 6, 2024 3:07 pm
ভাৰতীয় ৰে’লৱেৰ পৰা পদত্যাগ ভিনেশ ফোগাটৰ; হাৰিয়ানাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান ভিনেশ, বজৰঙৰ

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি দিনৰ ২:৩০ বজাত ভাৰত জাতীয় কংগ্ৰেছত যোগদান কৰে মল্লযুঁজাৰু ভিনেশ ফোগাট আৰু বজৰং পুনিয়াই। যোৱা ৪ ছেপ্টেম্বৰত নতুন দিল্লীত দলটোৰ নেতা ৰাহুল গান্ধীৰ সৈতে মল্লযুঁজাৰু দুগৰাকীয়ে সাক্ষাৎ কৰাৰ মাত্ৰ কেইদিনমানৰ পাছতে এই কাৰ্য সম্পাদন হয়।

কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে দুয়োগৰাকী অলিম্পিয়ানে ৰাষ্ট্ৰীয় ৰাজধানীত থকা তেওঁৰ বাসগৃহত কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেকো সাক্ষাৎ কৰে।

কেইবাজনো যুৱ কনিষ্ঠ মল্লযুঁজাৰুক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰা বিজেপিৰ প্ৰাক্তন সাংসদ তথা তেতিয়াৰ ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ কৰা মল্লযুঁজাৰুৰ সংখ্যাৰ ভিতৰত বজৰং পুনিয়া আৰু ভিনেশ ফোগাট অন্যতম।

গান্ধী আৰু মল্লযুঁজাৰুৰ মাজত হোৱা বৈঠকৰ পাছত বিভিন্নজন শাসকীয় মন্ত্ৰীয়ে মাত মাতিছিল। বিজেপিৰ সাংসদ তথা কেন্দ্রীয় মন্ত্রী মনোহৰ লাল খট্টৰ ইয়াৰে এজন আছিল আৰু তেওঁ কয়, “মই ভাবো যে প্রতিবাদৰ সময়ত আমাৰ খেলুৱৈসকল ৰাজনৈতিক কিংকৰ্তব্যবিমূঢ়তাত আবদ্ধ হৈ পৰিল। তেতিয়াৰ পৰা যি আৰম্ভ হৈছিল সেয়া এতিয়া চৰম সীমাত উপনীত হৈছে। মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আছিল। এই লোকসকল কংগ্ৰেছৰ পৰা টিকট বিচাৰিছে ইয়াৰ অৰ্থ হ’ল যদি তেতিয়া স্পষ্ট নাছিল তেন্তে এতিয়া একেবাৰে স্পষ্ট হৈছে।

ইফালে, শুকুৰবাৰে ভাৰতীয় ৰে’লৱেৰ পদৰ পৰাও পদত্যাগ কৰে বিনেশ ফ’গাটে।

ইয়াক নিজৰ জীৱনৰ “স্মৰণীয় আৰু গৌৰৱময় সময়” বুলি অভিহিত কৰি এক্সৰ এটা পোষ্টত কয় যে, “জীৱনৰ এইখিনি সময়ত মই ৰে’ল সেৱাৰ পৰা নিজকে পৃথক কৰাৰ সিদ্ধান্ত লৈছো আৰু ৰে’ল সেৱাৰ যোগ্য কৰ্তৃপক্ষৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছো ভাৰতীয় ৰেলৱেই মোক জাতি সেৱাত দিয়া এই সুযোগৰ বাবে ভাৰতীয় ৰেলৱে পৰিয়ালৰ প্ৰতি সদায় কৃতজ্ঞ হ’ম।”