NORTHEAST NOW (Assamese)
Popular Stories

আচৰিত; প্ৰথমবাৰৰ বাবে গৰুৰ স্নায়ুৰ সহায়ত এবছৰীয়া শিশুৰ লিভাৰ সংৰোপণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 11, 2020 10:39 am

ভাৰতত প্ৰথমবাৰৰ বাবে এটি এবছৰীয়া শিশুক গৰুৰ স্নায়ুৰ সহায়ত লিভাৰ সংৰোপণ কৰা হয়। প্ৰায় ১৪ ঘণ্টাজোৰা এক অস্ত্ৰোপচাৰৰ পিছত বৰ্তমান শিশুটি সুস্থ হৈ আছে। শিশুটি তথা শিশুটিৰ পিতৃ-মাতৃ চিকিৎসাৰ বাবে ছৌদি আৰৱ পৰা ভাৰতলৈ আহে।

দিল্লীৰ গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত শিশুটিৰ অস্ত্ৰোপচাৰ কৰা হয়। য’ত শিশুটিক লিভাৰ সংৰোপণ কৰাৰ সময়ত নতুন লিভাৰলৈ তেজ সঞ্চালন কৰাৰ ক্ষেত্ৰত গৰুৰ স্নায়ু ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান শিশুটি সুস্থ আৰু চিকিৎসালয়ৰ পৰা শিশুটিক যাবলৈ দিয়া হৈছে।

গুৰুগ্ৰামৰ চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক গিৰিৰাজ বৌৰাই কয়, “পৃথিৱীত এইটোৱে এটা সফল অস্ত্ৰোপচাৰ হৈছে য’ত লিভাৰলৈ গৰুৰ স্নায়ুৰ সহায়ত তেজ সঞ্চালন কৰা হয়।”

উল্লেখযোগ্য যে ছৌদি আৰৱৰ দম্পতীহালৰ এবছৰীয়া শিশুটিৰ পিত্তনলী বিকশিত নোহোৱাৰ বাবে লিভাৰৰ সমস্যাই দেখা দিছিল। ফলত চিকিৎসকে শিশুটিক ভাৰতত চিকিৎসা কৰাৰ পৰামৰ্শ দিয়ে। ফলত দম্পতীহালে দিল্লীৰ গুৰুগ্ৰামৰ আৰ্টমিছ চিকিৎসালয়ত শিশুটিক চিকিৎসা কৰায়।

চিকিৎসালয়খনত শিশুটিক লিভাৰ সংৰোপণ কৰা চিকিৎসকে দিল্লী-এনচিআৰত ইমান কম বয়সৰ শিশুক প্ৰথমবাৰৰ বাবে লিভাৰ সংৰোপণ কৰা হৈছে বুলি উল্লেখ কৰে।

শিশুটিৰ পিতৃয়ে ভাৰত আৰু চিকিৎসালয়খনৰ চিকিৎসক এই সফলতা তথা তেওঁৰ শিশুটিৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।