NORTHEAST NOW (Assamese)
অসম

আজিৰে পৰা বৰ্ষাপাৰত অসম-চত্তিছগড়ৰ ৰঞ্জী ট্ৰফী খেল; জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব ঘৰুৱা দলটো

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 11, 2020 11:02 am
Assam ranji team

উত্তৰাখণ্ডৰ বিৰুদ্ধে চমকপ্ৰদ বিজয় সাব্যস্ত কৰি উজ্জীৱিত হৈ থকা অসমে আজি ৰঞ্জী ট্ৰফীৰ এলিট গ্ৰুপ-চিৰ এখন খেলত চত্তিছগড়ৰ মুখামুখি হৈছে।

খেলখন আজিৰে পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। অসমে টছত জয়ী হৈ প্ৰথম বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অসমৰ বাবে মূল শক্তি হৈছে বলিং বিভাগ। অসমৰ বলিং বিভাগৰ ওপৰতে দলটোৰ জয়-পৰাজয় নিহিত হৈ আছে।

উত্তৰাখণ্ডৰ বিৰুদ্ধে অসমৰ চমকপ্ৰদ জয়ৰ মূলতে আছিল দলটোৰ বেগী বলাৰ সকলৰ তীক্ষ্ণ বলিং।

অসমৰ হৈ উত্তৰাখণ্ডৰ বিৰুদ্ধে ৰঞ্জিত মালীয়ে ১০ টা উইকেট দখল কৰাৰ বিপৰীতে ৰিয়ান পৰাগে ৰঞ্জী কেৰিয়াৰৰ প্ৰথমটো শতৰাণ অৰ্জন কৰিছিল।

ৰিয়ানে বেটত ৰান পালেও অসমৰ বাকীসকল বেটছমেনে তেওঁক যোগ্য সহযোগিতা আগবঢ়োৱাত ব্যৰ্থ হৈছে। বিশেষকৈ অপেনিং যুটিত অসম সফল হ’ব পৰা নায়।

উল্লেখযোগ্য যে, অসমে বৰ্তমানলৈ খেলা চাৰিখন খেলৰ ভিতৰত এখন খেলত জয়েৰে ১১ পইণ্ট অৰ্জন কৰিছে।