NORTHEAST NOW (Assamese)
ক্ৰীড়া

পুনৰ চমকপ্ৰদ প্ৰত্যাৱৰ্তনৰ বাবে সাজু দীপা কৰ্মকাৰ : লক্ষ্য টকিঅ’ অলিম্পিকৰ যোগ্যতা

Posted by: এন ই নাও নিউজ November 22, 2018 11:27 am
dipa karmakar gymanast

ৰিঅ’ অলিম্পিকৰ পাছৰে পৰা আঘাত জনিত সমস্যাৰ বাবে অধিকাংশ সময়ে জিমনাষ্ট জগতৰ পৰা আঁতৰি থকা দীপা কৰ্মকাৰে পুনৰ নিজস্ব শৈলী প্ৰদৰ্শনৰ বাবে সাজু হৈ উঠিছে। আঘাতক প্ৰত্যাহ্বান জনাই দীপাই আজিৰ পৰা জাৰ্মানিৰ কটবাছত হ’বলগীয়া বিশ্ব কাপ আৰ্টিষ্টিক জিমনাষ্টিকছত উন্নত প্ৰদৰ্শনেৰে টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনৰ প্ৰচেষ্টা চলাব।

চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনত ভাৰতৰ হৈ সকলো আশা-ভৰসা তথা প্ৰত্যাহ্বানকাৰী হ’ব বুলি ধাৰণা কৰা হৈছে। দীপাৰ উপৰি প্ৰতিযোগিতাখনত ভাৰতৰ হৈ অংশগ্ৰহ কৰিব বি অৰুণা ৰেড্ডী, আশিস কুমাৰ আৰু ৰাকেশ পাত্ৰই।

উল্লেখযোগ্য যে ৰিঅ’ অলিম্পিকৰ পাছৰ পৰা সম্পূৰ্ণ দুবছৰ জিমনাষ্টিকৰ পৰা আঁতৰি থকা ত্ৰিপুৰাৰ ২৫ বছৰীয়া খেলুৱৈগৰাকীয়ে যোৱা জুলাই মাহত তুৰস্কৰ মাৰছিনত হোৱা আৰ্টিষ্টিক জিমনাষ্টিকছৰ বিশ্ব চেলেঞ্জ কাপত প্ৰত্যাৱৰ্তন কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ বিপৰীতে শেহতীয়াকৈ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেইমছত অংশ লৈছিল যদিও আঁঠুৰ বিষৰ বাবে দীপাই প্ৰতিযোগিতাৰ মাজভাগৰ পৰাই বিদায় ল’বলগীয়া হৈছিল।

আঘাতজনিত সমস্যাই জুৰুলা কৰা এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈ উঠিছে যদিও প্ৰতিযোগিতাখনত কেনেকুৱা প্ৰদৰ্শন আগবঢ়ায় সেয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব।