NORTHEAST NOW (Assamese)
ক্ৰীড়া

আই চি চিয়ে প্ৰকাশ কৰিলে ‘টীম অৱ ৱৰ্ল্ড কাপ’: আধিপত্য ভাৰতীয় খেলুৱৈৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 20, 2023 4:14 pm
World Cup 2023

দেওবাৰে সমাপ্তি ঘটিল ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ। আয়োজক দেশ ভাৰতক পৰাস্ত কৰি ষষ্ঠবাৰৰ বিশ্বকাপ খিতাপ অৰ্জন কৰিলে অষ্ট্ৰেলিয়াই। বিশ্বকাপৰ সফল পৰিসমাপ্তিৰ পিছতে ক্ৰিকেট বিশ্বৰ মুৰব্বী সংস্থা আই চি চিয়ে প্ৰকাশ কৰিছে ‘টীম অৱ ৱৰ্ল্ড কাপ’।

সদ্যসমাপ্ত বিশ্বকাপত আগবঢ়োৱা প্ৰদৰ্শনৰ ভিত্তিত আচি চি চিয়ে এই দলটি বাচনি কৰিছে। মূল ১১ গৰাকী খেলুৱৈৰ লগতে দ্বাদশ খেলুৱৈ ৰূপত এজন খেলুৱৈক বাচনি কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ, চমুকৈ আই চি চিয়ে।

বিশ্বকাপৰ খিতাপ যুঁজত পৰাস্ত হ’লেও এই দলটোত ভাৰতৰ কেইবাগৰাকীও খেলুৱৈয়ে স্থান লাভ কৰিছে। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ নিৰ্বাচিত হোৱা কোহলীৰ লগতে সৰ্বাধিক উইকেট দখলকাৰী মহম্মদ ছামি আৰু অধিনায়ক ৰোহিত শৰ্মা অন্তৰ্ভুক্ত হৈছে এই দলটোত।

লগতে দলত অন্তৰ্ভুক্ত কৰা হৈছে ফাইনেলত ভাৰতৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী উইকেটৰক্ষক বেটাৰ কে এল ৰাহুল, অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা আৰু পেচাৰ যশপ্ৰীত বুমৰাহকো। অৰ্থাৎ ভাৰতৰ ছয়গৰাকী খেলুৱৈয়ে স্থান পাইছে দলটোত।

আনহাতে চেম্পিয়ন দল অষ্ট্ৰেলিয়াৰ দুগৰাকী খেলুৱৈ মেক্সৱেল আৰু জাম্পা, ছেমি ফাইনেলিষ্ট নিউজিলেণ্ডৰ ডেৰিল মিচেল। দক্ষিণ আফ্ৰিকাৰ ডে ক’ক, আৰু শ্ৰীলংকাৰ পেচাৰ দিলচান মদুশংকাক অন্তৰ্ভুক্ত কৰা হৈছে দলত।

এই মূল এঘাৰগৰাকী খেলুৱৈৰ লগতে দক্ষিণ আফ্ৰিকাৰ পেচাৰ জেৰল্ড ক’টজীক দ্বাদশ খেলুৱৈ ৰূপত দলত ৰখা হৈছে। ইফালে অষ্ট্ৰেলিয়াৰ বিশ্বজয়ৰ নায়ক ট্ৰেভিছ হেডে অৱশ্যে দলত স্থান কৰিবলৈ সক্ষম নহ’ল। সেইদৰে দলত নাই ইংলেণ্ড, পাকিস্তান, বাংলাদেশ আৰু নেডাৰলেণ্ডৰ কোনো খেলুৱৈ।