NORTHEAST NOW (Assamese)
অসম

ভোটাৰৰ সৈতে শাৰী পাতি ভোট দিলে গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক April 23, 2019 12:26 pm

মঙলবাৰে পুৱাই ভোট দিবলৈ গুৱাহাটীৰ বামুনীমৈদামৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয়স্থিত ভোটকেন্দ্ৰলৈ পৰিয়াল সহিতে আহিল গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা। উপস্থিত ভোটাৰৰ সৈতে প্ৰায় এঘন্টা শাৰীপাতি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে।

ভোটদান কৰিবলৈ আহি শৰ্মাই ক’লে ‘গুৱাহাটীৰ ৰাইজ ৰাজনৈতিকভাৱে খুব সচেতন, তেওঁলোকে যোগ্যতা বিচাৰ কৰি ভোট দিয়ে বুলি মই ভাবো’।

গুৱাহাটীত ৰাইজে ভোট দিবলৈ স্বতঃস্ফুৰ্তভাৱে ওলাই আহিছে বুলি কৈ এয়া এক শুভ লক্ষণ বুলিও ববিতা শৰ্মাই মন্তব্য কৰে। লগতে তেওঁ কয় যে ৰাইজে কাম কৰাৰ সুবিধা দিলে গুৱাহাটী সমষ্টিত কৰিব লগীয়া কাম বহুত আছে আৰু সেই সমূহ সঠিক দিশত অগ্ৰসৰ হ’ব।

‘গুৱাহাটী সমষ্টিৰ প্ৰতিটো বিধানসভা সমষ্টিৰেই সুকীয়া বৈশিষ্ট আছে। সেই ধৰণে সমষ্টি সমূহৰ উন্নয়ন সাধন কৰিব পাৰি। ইয়াৰ উপৰি ইয়াত যথেষ্ট সমস্যা আছে। গুৱাহাটীৰ খোৱাপানী যোগানৰ কাম কংগ্ৰেছৰ চৰকাৰ থাকোতে আৰম্ভ হৈছিল কিন্তু সেয়া বৰ্তমানৰ চৰকাৰৰ দিনত আধৰুৱা হৈ পৰি থাকিল। ঠিক তেনেকৈ নিবনুৱা সমস্যাও এটা ডাঙৰ সমস্যা’। এইদৰে সংবাদ মাধ্যমৰ আগত কয় ববিতা শর্মাই।

তেওঁ লগতে পলাশবাৰীকে ধৰি বিভিন্ন স্থানত ই ভি এম বিসংগতি আৰু কোনো কোনো স্থানত ভোটদানৰ সময়ত অন্যান্য কিছু খেলিমেলি হোৱাৰ খবৰ পোৱা বুলি প্ৰকাশ কৰি সেই ক্ষেত্ৰত নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসনক তাৎক্ষনিক ব্যৱস্থা গ্ৰহণৰো আহ্বান জনায়।

ভোটদানৰ পাছতেই তেওঁ গুৱাহাটী সমষ্টিৰ বিভিন্ন ভোটকেন্দ্ৰৰ বুজ ল’বলৈ ৰাওনা হয়।