NORTHEAST NOW (Assamese)

প্ৰস্তাৱিত ২০ কি:মি: দৈৰ্ঘ্যৰ দলঙে হ্ৰাস কৰিব ধুবুৰী-ফুলবাৰীৰ মাজৰ ২০০ কি:মি: যাত্ৰাপথ

October 20, 2018 7:26 am · এন ই নাও নিউজ
Updated: October 20, 2018 2:42 pm

২০২৬-২৭ চনত সম্পূৰ্ণ হ’বলগীয়া ১৯.৩ কিঃমিঃ দীঘল এখন দলঙে ২০০ কিঃমিঃলৈকে যাত্ৰাপথৰ দৈৰ্ঘ্য হ্ৰাস কৰিব বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে ভাৰতৰ দীৰ্ঘতম নদী দলংখন অসমৰ ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীক সংযোগ কৰা হ’ব। ৪ পথ যুক্ত এই দলংখনে ২০৩ কিঃমিঃ যাত্ৰাপথৰ লগতে ভ্ৰমণ সময়ো হ্ৰাস কৰিব।

প্ৰস্তাৱিত এই দলংখন ২০২৬-২৭ চনৰ ভিতৰত নিৰ্মাণ কৰা হ’ব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ বিভাগ— ৰাষ্ট্ৰীয় ঘাইপথ আৰু ঔদ্যোগিক উন্নয়ন নিগম (National  Highway and Industrial Development Corporation) শেহতীয়াভাৱে এই বিষয়ত সাহায্য বিচাৰি ফ্ৰান্সৰ ওচৰ চাপিছে।

বৰ্তমান ৬০ কিঃমিঃ উজনিত থকা নৰনাৰায়ণ সেঁতুৰে যান-বাহন পাৰ হ’বলৈ ২০০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰিব লগীয়া হৈ আছে। এই দলংখনে অসমৰ পৰা মেঘালয়লৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ ‘১২৭ বি’ৰ অসম্পূৰ্ণ শৃংখলটো সম্পূৰ্ণ কৰিব। বৰ্তমান ধুবুৰী আৰু ফুলবাৰীৰ মাজত সৰু সৰু নাও চলোৱা হয়। উল্লেথ্য যে বৰ্তমান সৰু নাৱৰে ব্ৰহ্মপুত্ৰ পাৰ হ’বলৈ ২ ঘণ্টা ৩০ মিনিট সময়ৰ প্ৰয়োজন হয়।

মন কৰিব লগীয়া যে বৰ্তমান ভাৰতৰ দীৰ্ঘতম নদীদলং হৈছে যোৱা বছৰ তিনিচুকীয়া জিলাৰ উজনিত ব্ৰহ্মপুত্ৰৰ এটা সুঁতিৰ ওপৰত মুকলি কৰা ধলা-শদিয়া দলং।

ৰাষ্ট্ৰীয় ঘাইপথ আৰু ঔদ্যোগিক উন্নয়ন নিগমৰ এগৰাকী বিষয়াই জনাইছে যে এই প্ৰকল্পটোৰ বাবে নিবিদা আহ্বান কৰা হ’ব। ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰাত সময়ৰ প্ৰয়োজন অধিক হয় কাৰণ বছৰৰ ৬ মাহহে নিৰ্মাণকাৰ্য চলাব পাৰি।

উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ পথ আন্তৰ্গাঁথনি উন্নয়ন পেকেজৰ এটা অংশ এই বৃহৎ প্ৰকল্পটোৰ সৈতে জড়িত অৰ্থনৈতিক লাভালাভৰ কথাটো মনত ৰাখি জাপানৰ পুঁজি যোগান অভিকৰণ জেএইচিএয়ে (JICA) এটা ঋণত অনুমোদন জনাইছে।

Related News