NORTHEAST NOW (Assamese)
অৰুণাচল

ডিব্ৰুগড় অভিমুখে এন ডি আৰ এফ-ৰ বাহিনী, তিব্বতৰ পৰা নামিছে পানীৰ বিধ্বংসী ঢল

Posted by: এন ই নাও নিউজ October 19, 2018 11:21 pm
Barrier lake in Tibet breaches, devastation in Arunachal and Assam likely

তিব্বতৰ য়াৰলুং চাংপ কৃত্ৰিম বান্ধ ভাগি নামনিৰ দিশে বিধ্বংসী ৰূপত নামি অহা পানীয়ে ৰাতিৰ ভিতৰতে ডিব্ৰুগড় চহৰ বুৰাই পেলোৱাৰ আশংকা কৰি শুকুৰবাৰে ইতিমধ্যে লকাতাৰ পৰা জৰুৰীভাৱে জিলাখনলৈ ৰাওনা হৈছে এন ডি আৰ এফ ৬টা দল

ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পিছতে দল কেইটাই বিপদত পৰিব পৰা জিলা কেইখনত অৱস্থান

ভয়াৱহ দুৰ্য্যোগৰ আশংকা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধেমাজি, লখিমপুৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ প্ৰশাসন, জিলা দুৰ্যোগ প্ৰশমন বিভাগ তথা সংশ্লিষ্ট কৰ্তৃপক্ষসমূহক সষ্টম হৈ থকাৰ বাবে যাৱতীয় নিৰ্দেশ প্ৰেৰণ কৰিছে

লগতে পঢ়কৰাতিয়ে বুৰ যাব পাৰে ডিব্ৰুগড়, তিব্বতৰ পৰা বিধ্বংসী ৰূপত নামিছে পানীৰ বিশাল ঢল

বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে মুখ্য মন্ত্ৰী সোণোৱালৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিছে বুলিও জনাইছে মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ে