• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ৰাতিয়ে বুৰ যাব পাৰে ডিব্ৰুগড়, তিব্বতৰ পৰা বিধ্বংসী ৰূপত নামিছে পানীৰ বিশাল ঢল

পানীৰ প্ৰথমটো ঢলে শুকুৰবাৰে ৰাতিৰ ভিতৰত অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ টুটিং পৰ্য্যন্ত পোৱাৰ সম্ভাৱনা আছে, আৰু প্ৰতি ছেকেণ্ডত ৮০ হাজাৰ কিউবিক মিটাৰ পৰিমাণৰ পানী নামনিলৈ প্ৰৱাহিত হৈ আছে।

by
October 19, 2018 9:49 pm
Barrier lake in Tibet breaches, devastation in Arunachal and Assam likely

তিব্বতত য়াৰলুং চাংপ’ত সৃষ্টি হোৱা কৃত্ৰিম হ্ৰদ। ছবি- চিনহুৱা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতি শীঘ্ৰে এক বৃহৎ দুৰ্য্যোগৰ পিনে আগবাঢ়িছে অসম আৰু অৰুণাচল প্ৰদেশ। তিব্বতৰ য়াৰলুং চাংপ’ত সৃষ্টি হোৱা কৃত্ৰিম বান্ধটো শুকুৰবাৰে আবেলি ভাগি গৈছে আৰু পৰৱৰ্তী কেইঘণ্টামানৰ ভিতৰতে চিয়াং আৰু ব্ৰহ্মপুত্ৰত পানীৰ বিশাল ঢল অহাৰ আশংকা কৰা হৈছে।

শুকুৰবাৰে গধূলি পাছিঘাটৰ পৰা অৰুণাচল প্ৰদেশৰ জল সম্পদ বিভাগে নৰ্থ ইষ্ট নাও-ক জনোৱা মতে তিব্বতৰ পৰা অহা খবৰ অনুসৰি কৃত্ৰিম বান্ধটো শুকুৰবাৰে ভাৰতীয় সময় আবেলি ২.৩০ বজাত ভাগি গৈছে।

Apply Now

পানীৰ প্ৰথমটো ঢলে শুকুৰবাৰে ৰাতিৰ ভিতৰত অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ টুটিং পৰ্য্যন্ত পোৱাৰ সম্ভাৱনা আছে, আৰু প্ৰতি ছেকেণ্ডত ৮০ হাজাৰ কিউবিক মিটাৰ পৰিমাণৰ পানী নামনিলৈ প্ৰৱাহিত হৈ আছে। “এইটো আমাৰ নৈসমূহৰ বাবে বিশাল পৰিমাণৰ পানী,” বিষয়াজনে জনালে।

অৰুণাচল প্ৰদেশৰ জল সম্পদৰ বিষয়াজনৰ মতে পানীৰ এই বিশাল ঢলে ৰাতি ২ বজাত পাছিঘাট আৰু ৪ বজাত ডিব্ৰুগড় পাবহি পাৰে।

নৈখন বৈ অহা উপত্যকাত পাহাৰ খহি যোৱাৰ ফলত বৃ্হস্পতিবাৰে পুৱা এই বান্ধটোৰ সৃষ্টি হৈছিল। শেহতীয়াকৈ কোনো ভূমিকম্পৰ খবৰ পোৱা হোৱা নাই আৰু ভূমিস্খলনটো স্বাভাৱিক বুলিয়ে জানিব পৰা গৈছে।

লগতে পঢ়ক– য়াৰ্লুং চাংপোত ভূমিস্খলন

তিব্বতৰ পৰা পোৱা খবৰ অনুসৰি বান্ধটো আটাইতকৈ বহল অংশত ৩৫০০ মিটাৰ দীঘল আৰু ২৫০০ মিটাৰ বহল আছিল, আৰু ই তিব্বতৰ নেক্সিয়া জলবিদ্যুৎ কেন্দ্ৰৰ পৰা ১৭ কি. মি. নামনিত।

চীনা প্ৰশাসনে বৃহস্পতিবাৰে মেনলিং কাউণ্টিৰ এখন গাঁৱৰ পৰা ৬ হাজাৰ লোকক ইতিমধ্যে স্থানান্তৰ কৰিছে। বিভাগীয় তথ্য মতে কৃত্ৰিম বান্ধটোত ৭০০ মিলিয়ন কিউবিক মিটাৰ পানী জমা হৈছিল।

অৰুণাচল প্ৰদেশৰ জল সম্পদ বিভাগৰ জ্যেষ্ঠ অভিযন্তা দিবাং তায়েঙে পাছিঘাটত বাহৰ পাতিছে আৰু অহৰহ পৰিস্থিতিৰ নজৰ ৰাখিছে।

“হ’ব পৰা ক্ষয়-ক্ষতিৰ পৰিমাণ আমি এই অৱস্থাতে অনুমান কৰিব পৰা নাই,” ২০০৮ চনত হোৱা বান্ধতকৈ য়াৰলুং চাংপ’ত এইবাৰ সৃষ্ট বান্ধটো বহুত বিশাল আৰু পানীৰ পৰিমাণো বহু বেছি বুলি উল্লেখ কৰি তায়েঙে জনালে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd