NORTHEAST NOW (Assamese)
অসম

যোৰহাটৰ এটি পথৰ কদৰ্য ৰূপ; পথ নহয় যেন ডাম্পিং গ্ৰাউণ্ডহে

Posted by: নিৰ্মলেন্দু পাঠক ,টীয়ক Updated by: নিৰ্মলেন্দু পাঠক ,টীয়ক September 30, 2021 2:48 pm
Road turn to a dumping ground

যোৰহাটৰ নিশাৰ দৃশ্যত নগৰৰ এটা পথৰ কদৰ্য ৰূপ পৰিস্ফুট হৈ পৰিল l

এইটো পথটো হৈছে যোৰহাটৰ ৰজা মৈডাম ৰোড। পথটো পেভাৰ ব্লকেৰে সুন্দৰ কৈ নিৰ্মাণ কৰা হৈছিল।

কিন্তু হ’লে কি হ’ব? একাংশ কাণ্ড জ্ঞানহীন লোকৰ বাবে পথৰ ওপৰতে সৃষ্টি হৈছে ডাম্পিং গ্ৰাউন্ড l

পথটো ইমানেই কদৰ্য আৰু দুৰ্গন্ধময় হৈ পৰিছে যে কাষেদি পাৰ হৈ যোৱাটো কঠিন হৈ পৰিছে।

ইয়াৰ উপৰিও এজন ব্যৱসায়ীয়ে পথৰ ওপৰতে পাতিছে ডেম্পৰ গুডাম।

স্থানীয় পৌৰসভাই পথটো নিস্কাশন তথা চাফ চিকুনৰ বাবেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

স্বাভাৱিকতে নগৰখনৰ এই পথটোৰ এনে কদৰ্যময় অৱস্থাই পথাচাৰীক ক্ষুব্ধ কৰি তুলিছে।