NORTHEAST NOW (Assamese)

চৰ্চাত এজন প্ৰাৰ্থী আৰু এখন চাইকেল! চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ এগৰাকী প্ৰাৰ্থীৰ

October 27, 2021 7:07 am · এন ই নাও নিউজ, গুৱাহাটী

উপ নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী। সকলো ৰাজনৈতিক দলে দিনে নিশাই চলাইছে নিৰ্বাচনী প্ৰচাৰ।

তামুলপুৰৰ উপ নিৰ্বাচনত এগৰাকী প্ৰাৰ্থীয়ে চলাইছে ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ ।

প্ৰাৰ্থী গৰাকীয়ে নিজৰ চাইকেল খনৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ।

৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰাজকুমাৰ বড়ো নিজৰ চাইকেল খনৰে অকলে চলাইছে নিৰ্বাচনী প্ৰচাৰ।

ৰাজকুমাৰ বড়ো ভোটাৰ্চ পাৰ্টী ইণ্টাৰণেশ্বনেলৰ এজন মনোনীত প্ৰাৰ্থী। প্ৰচাৰত পিছ পৰি ৰোৱা নাই ভোটাৰ্চ পাৰ্টীয়ো।

ৰাজ কুমাৰ বড়োয়ে চাইকেল চলাই প্ৰচাৰ অভিযানত নামি পৰিছে। গাঁৱে-ভূঞে তেওঁ চাইকেল চলাই প্ৰচাৰ অভিযান চলোৱা দেখা গল।

বিজয়ী হৈ ৰাইজৰ কাম কৰাৰ ইচ্ছাৰে এই উপ-নিৰ্বাচনত প্ৰতিদ্বন্তিতা আগ বঢ়াইছে তেওঁ।

Related News