NORTHEAST NOW (Assamese)
Popular Stories

জংঘল ছাফাৰীত পৰ্যটকৰ গাড়ীৰ ভিতৰলৈ সোমাই আহিল চিতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 14, 2022 4:19 pm
জংঘল ছাফাৰীত পৰ্যটকৰ গাড়ীৰ ভিতৰলৈ সোমাই আহিল চিতা

তাঞ্জানিয়াৰ এখন অৰণ্যত সংঘটিত হৈছে এই ঘটনা। কিছুদিন আগতে তাঞ্জানিয়াৰ এখন অৰণ্যলৈ জংঘল চাফাৰীৰ বাবে গৈছিল ব্ৰিটন হেইছ নামৰ এজন ইউৰোপীয়ান পৰ্যটক।

খুব আনন্দেৰে নিজৰ জীপৰ ভিতৰত বহি অৰণ্যৰ সৌন্দৰ্য উপভোগ কৰি আছিল পৰ্যটকজনে। প্ৰাকৃতিক সৌন্দৰ্যত বিভোৰ হৈ পৰিছিল পৰ্যটকজন।

তেনেকুৱাতে জীপৰ খিৰিকীৰে হঠাতে সোমাই আহিল এটা চিতাবাঘ।  গাড়ীৰ ভিতৰত থকা পৰ্যটকজনে ভয় খাইছিল যদিও কেমেৰাত ধৰিলে ৰাখিলে চিতাটোৰ ছবি। এতিয়া পৰ্যটকজনে সেই বিশেষ ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰাৰ পিছতেই সামাজিক মাধ্যমত বিয়পি পৰিছে ভিডিঅ’টো।

অৱশ্যে বাঘটোৱে পৰ্যটকজনৰ কোনো ক্ষতি সাধন নকৰিলে । অলপ সময় গাড়ীৰ ভিতৰতে থাকি নিজেই ওলাই গৈ গাড়ীৰ বনেটত বহিলৈগৈ চিতাবাঘটো।