NORTHEAST NOW (Assamese)

নিজৰ ফ্লেটতে চিপ লৈ আত্মহত্যা কৰিলে শুৱালকুছিৰ এগৰাকী অধ্যাপকে

December 10, 2020 1:33 pm · মৃদুল প্রীতম ডেকা
ৰাজীৱ লোচন দত্ত। ফাইল ফটো।

শুৱালকুছিৰ বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকে আজি আত্মহত্যা কৰিছে।

অধ্যাপকগৰাকীয়ে গুৱাহাটীৰ বশিষ্ঠ থানাৰ অন্তৰ্গত গেম ভিলেজৰ সমীপত থকা নিজৰ ফ্লেটত চিপ লৈ আত্মহত্যা কৰা বুলি জানিৱ পৰা গৈছে ।

আত্মহত্যা কৰা অধ্যাপকগৰাকী শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় বুৰঞ্জী বিভাগৰ অধ্যাপক ৰাজীৱ লোচন দত্ত ৷

আত্মহত্যাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

তেওঁৰ আত্মহত্যাৰ ঘটনাই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী লগতে সমগ্ৰ অঞ্চলটোতে এক শোকৰ ছা পেলাইছা ।

তেওঁ পত্নী আৰু এবছৰীয়া সন্তান সহ গুৱাহাটীত আছিল।

Related News