NORTHEAST NOW (Assamese)
অসম

ভাৰত জোড়ো যাত্ৰাৰ পৰা অনুপ্ৰাণিত; নিজৰ বিয়াৰ বাবে ডাঙৰ সিদ্ধান্ত লৈ পেলালে দম্পতীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 20, 2025 2:54 pm

২০২২ চনৰ ছেপ্টেম্বৰ মাহ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ‘ভাৰত জোড়ো যাত্ৰা’ৰ শুভাৰম্ভ কৰা হয়। কংগ্ৰেছ নেতাগৰাকীয়ে ১২খন ৰাজ্যৰ ৭৫খন জিলাৰ মাজেৰে খোজ কাঢ়িছিল। লগত আছিল আন বহুতো। ভাৰত জোড়ো যাত্ৰা দ্বিতীয় পৰ্যায়তো অনুষ্ঠিত হয়। কংগ্ৰেছ শিৱিৰৰ এই কাৰ্যসূচীয়ে দম্পতীহালক ইমানেই অনুপ্ৰাণিত কৰিছিল যে ই তেওঁলোকৰ নিজৰ বিয়াতো তাৰ ছাপ ৰাখিলে।

কিন্তু কেনেকৈ জানেনে? অভিলাষা কোটৱাল আৰু ভিনাল উইলিয়ামে তেওঁলোকৰ বিবাহ অনুষ্ঠানৰ নাম ৰাখিছে ‘ভাৰত জোড়ো বিবাহ’। কেৱল সেয়াই নহয়, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক বিয়ালৈ নিমন্ত্ৰণো জনাইছে।

বিয়াত লগতে তেওঁলোকে দেশৰ বৈচিত্ৰ্যৰ দিশটোও তুলি ধৰিছে। বিয়াৰ নিমন্ত্ৰণী পত্ৰত তাৰ ছাপ স্পষ্ট হৈ পৰিছিল। কাৰণ নিমন্ত্ৰণী পত্ৰখনতে দম্পতীহালৰ জন্মস্থান আৰু বাসস্থানৰ তথ্য দিয়া হৈছিল। চিঠিখনত অভিলাষাৰ নামৰ কাষতে লিখা আছে, “বংগ আৰু জম্মুৰ ছোৱালী”, আৰু ভিনালৰ নামৰ কাষত লিখা আছে, “পঞ্জাৱ আৰু কেৰালাৰ ল’ৰা”।

অভিলাষাই ছ’চিয়েল মিডিয়াত ৰাহুল আৰু প্ৰিয়ংকা গান্ধীক বিবাহ পত্ৰ পোষ্ট কৰি টেগ কৰিছে। ভাৰত জোড়ো যাত্ৰাৰ পৰা অনুপ্ৰাণিত হৈ আমন্ত্ৰণী পত্ৰত লিখিছিল ‘ভাৰত জোড়ো বিবাহ’। লগতে তেওঁলোকে গান্ধী পৰিয়াললৈ বিয়াৰ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণো কৰিছে।