NORTHEAST NOW (Assamese)
অসম

Sarbananda Sonowal: বোকাখাতত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল; দলীয় তত্বাৱধায়ক হিচাবে বুথ সশক্তিকৰণ কৰ্মশালাত অংশগ্ৰহণ

Posted by: উত্তম শইকীয়া, বোকাখাত Updated by: উত্তম শইকীয়া, বোকাখাত July 14, 2022 6:40 pm

Sarbananda Sonowal বোকাখাতত আগন্তুক ২০২৪ চনত হ’ব লগা লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে।

বৃহস্পতিবাৰে বোকাখাত নাট্যমন্দিৰত কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক আৰু নেতা-কৰ্মীৰ উপস্থিতিত এক বুথ পৰ্যায়ৰ সাংগঠনিক সভা অনুষ্ঠিত হয়৷

উক্ত সভাত কলিয়াবৰ লোকসভা সমষ্টিৰ তত্বাৱধায়ক হিচাপে থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে ৷

ফটো: নৰ্থইষ্ট নাও।

আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য কৰি আজিৰ এই দলীয় সাংগঠনিক সভাত দলটোৰ বিধায়ক আৰু নেতা-কৰ্মী সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

বিজেপি অসম ৰাজ্যিক সমিতিৰ সাৰংগপানি মহন্তই অনুষ্ঠানত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: Rupee Vs Dollar: বিজেপিৰ ভাল দিনত সস্তা হৈ পৰিছে টকা; ১ ডলাৰৰ মূল্য হ’লগৈ প্ৰায় ৮০ টকা

আপনা ভোট চবছে মজবুত অভিযানৰ অধীনৰ বুথ সশক্তিকৰণ শীৰ্ষক এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াবৰ লোকসভা সমষ্টি ৰ ১০ টা বিধানসভা সমষ্টিৰ প্ৰায় ডেৰ শতাধিক শীৰ্ষ নেতাৰ উপৰিও খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকন, সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু দলটোৰ গোলাঘাট জিলাৰ সভাপতি দেৱ প্ৰদীপ বৰাও উপস্থিত থাকে ।