NORTHEAST NOW (Assamese)
Popular Stories

কোভিড১৯ত আক্ৰান্ত হৈ মুম্বাইত মৃত্যু অসমৰ এজন যুৱক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 4, 2020 3:15 pm
Story-3-1-1140x570

সমগ্ৰ দেশতে ক’ৰ’নাই নৰ সংহাৰ চলাই থকাৰ সময়তে অসমৰ এজন যুৱক কোভিড১৯ত আক্ৰান্ত হৈ মুম্বাইত মৃত্যু ঘটিছে।

যুৱকজন হোজাইৰ কপাহবাৰী কৰৈউনীৰ মহম্মদ বদৰুদ্দিন বুলি জানিব পৰা গৈছে।

মুম্বাইত কৰ্মৰত যুৱক বদৰুদ্দিনৰ দেওবাৰে পুৱতি নিশা ছেইণ্ট জৰ্জ হাস্পতালত মৃত্যু হয়।

৩ দিন পূৰ্বে পেটৰ অসুখত আক্ৰান্ত হোৱা বদৰুদ্দিনৰ দেওবাৰে পুৱা উক্ত হাস্পতালতে এক অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল।

অস্ত্ৰোপচাৰৰ পিছতে যুৱকজনৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে পেটৰ অসুখত ভোগা বদৰুদ্দিন কোভিড১৯ত আক্ৰান্ত বুলি দেওবাৰেহে স্বাস্থ্য বিভাগ নিশ্চিত কৰে।