NORTHEAST NOW (Assamese)

বোকাখাতৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ

November 15, 2019 6:36 pm · উত্তম শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

বোকাখাত মহকুমাৰ কুৰুৱাবাহী অঞ্চলৰ ভাটী শিঙাদৰীয়া গাঁৱত যোৱা ২৯ অক্টোবৰত ধনশিৰি নদীত সংঘটিত এক নাও দুৰ্ঘটনাত সলিল সমাধি হোৱা নীৰু দাস নামৰ মহিলাগৰাকীৰ মৃতদেহ আজি উদ্ধাৰ হয়।

সুদীৰ্ঘ ১৭ দিনৰ অন্তৰালত মিছামৰীয়া নামৰ ঠাইৰ পানীত ওপঙি থকা অৱস্থাত মৃতদেহটো স্থানীয় ৰাইজে দেখি উদ্ধাৰ কৰে।

উল্লেখ্য যে যোৱা ২৯ অক্টোবৰত ধনশিৰি নদীৰ বুকুত সংঘটিত নাও দুৰ্ঘটনাত পানীত পৰি নিৰুদ্দিষ্ট হোৱা মহিলাগৰাকীৰ সলিল সমাধি হোৱাৰ আশংকা কৰা হৈছিল।

দুৰ্ঘটনাৰ সময়ত নাওখনত থকা ৬ গৰাকী যাত্ৰীৰ ভিতৰত ৫ গৰাকী যাত্ৰীয়ে দৈৱ ক্ৰমে ৰক্ষা পৰাৰ বিপৰীতে নীৰু দাস নামৰ মহিলাগৰাকী সন্ধানহীন হৈছিল ৷

ধনশিৰি নদীত আজি উদ্ধাৰ হোৱা মৃতদেহটো নীৰু দাসৰ বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে ৷

Related News