NORTHEAST NOW (Assamese)
Popular Stories

প্ৰেয়সীক হত্যা কৰাৰ অভিযোগত অসমত গ্ৰেপ্তাৰ হ’ল দিল্লীৰ এজন প্ৰেমিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 4, 2020 10:23 am
Handcuff-1140x570

নিজ প্ৰেয়সীক হত্যা কৰাৰ অভিযোগত দিল্লীৰ এগৰাকী প্ৰেমিকক অসমৰ ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা হৈছে।

সতীশ কুমাৰ নামৰ ২৮ বছৰীয়া যুৱকজনক ডিব্ৰুগড়ৰ এখন হোটেলত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

অভিযুক্ত প্ৰেমিকজন ডিব্ৰুগড় পৰা শ্বিলঙলৈ যাবলৈ এখন টেক্সি ভাৰালৈ বুকিং কৰি ৰাখিছিল বুলিও প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ইফালে ঘটনাৰ বিৱৰণীৰ মতে দিল্লীৰ কুটুব বিহাৰৰ নিৱাসী সতীশ কুমাৰৰ বাসগৃহৰ এখন বক্স বিচনাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে সতীশ কুমাৰৰ প্ৰেয়সীৰ অৰ্ধগলিত মৃতদেহ।

দিল্লী আৰক্ষীৰ উদ্ধৃতিৰে দ্য ইণ্ডিয়ান এক্সপ্ৰেছ-এ প্ৰকাশ বাতৰি অনুসৰি সতীশ কুমাৰ আৰু দীক্ষু কুমাৰীয়ে গুৰগাঁৱৰ একেটা প্ৰতিষ্ঠানতে কাম কৰিছিল।

যোৱা ২ অক্টোবৰত আৰক্ষীয়ে খবৰ লাভ কৰে যে সতীশ কুমাৰৰ বন্ধ ঘৰৰ পৰা অৰ্ধগলিত মৃতদেহৰ দুৰ্গোন্ধ নিৰ্গত হৈছে।

আৰক্ষীয়ে সতীশ কুমাৰৰ বন্ধ ঘৰৰ তলা ভাঙি সতীশ কুমাৰৰ শোৱনি কোঠাৰ বক্স বিচনাৰ ভিতৰৰ পৰা দীক্ষু কুমাৰীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰে।

“চিটি টিভিৰ ফুটেজত ধৰা পৰিছে যে ২৩ ছেপ্টেম্বৰত দীক্ষু কুমাৰীয়ে সতীশ কুমাৰৰ গৃহত প্ৰৱেশ কৰিছিল। কিন্তু সন্দেহজনকভাৱে কিছু ঘণ্টাৰ পিছত কেৱল সতীশ কুমাৰেহে ঘৰৰ ভিতৰৰ পৰা উলাই অহাৰ ফুটেজ ৰেকৰ্ড হৈ আছে চিচি টিভি কেমেৰাত।” তদন্তকাৰী এগৰাকী আৰক্ষী বিষয়াই কয়।

প্ৰেয়সীক হত্যা কৰি সতীশ কুমাৰে বক্স বিচনাত মৃতদেহটো ভৰাই দিল্লীৰ পৰা পলায়ন কৰি অসমলৈ আহিছিল বুলি দিল্লী আৰক্ষীয়ে ধাৰণা কৰিছে।

গ্ৰেপ্তাৰ কৰা অভিযুক্ত প্ৰেমিকজনক জেৰা কৰাৰ পিছত সমস্ত ঘটনাৰ ৰহস্য পোহৰলৈ আহিব বুলি প্ৰকাশ কৰিছে দ্বাৰকাৰ ডিচিপি সন্তোষ কুমাৰ মীনাই।