NORTHEAST NOW (Assamese)
অসম

দিল্লীত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰা ৪জন কাশ্মিৰী যুৱকক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 4, 2020 10:41 am
kashmirir youth arrested suspecting for terror attack

দিল্লী আৰক্ষীৰ বিশেষ শাখাই দিল্লীৰ পৰা ৪জন কাশ্মিৰী যুৱকক ৰাজধানীখনত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

এটা বিবৃতিত আৰক্ষীয়ে জানিবলৈ দিয়ে যে চেন্ট্ৰেল দিল্লীৰ আইটিঅ’ অঞ্চলৰ পৰা চাৰিটা অত্যাধুনিক পিষ্টল আৰু ১২০ ৰাউণ্ড গুলিৰে সৈতে ৪জন কাশ্মিৰী যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কেইজনৰ ভিতৰত আলতাফ আহমেদ ডৰ (২৫) পুলুৱামাৰ বাসিন্দা।

বাকী তিনিজন মোস্তাক আহমেদ গণি(২৭), ইছফাক মজিদ কোকা(২২) আৰু আকিব ছাফি(২২) ছোপিয়ানৰ বাসিন্দা।

আৰক্ষীৰ মতে, ইছফাক মজিদ কোকা সন্ত্ৰাসবাদী বুৰহান কোকাৰ জ্যেষ্ঠ ভাতৃ।

বুৰহান কোকা জম্মু-কাশ্মীৰত অল কায়দা সন্ত্ৰাসবাদী সংগঠনৰ শাখা আনছাৰ গজৱাট উল হিন্দৰ প্ৰাক্তন মুৰব্বী। যোৱা এপ্ৰিলত সেনাৰ হাতত বুৰহান নিহত হৈছিল।

শুকুৰবাৰে আৰক্ষীয়ে জানিব পাৰে যে চৰমপন্থী কাশ্মিৰী যুৱকৰ এটা দল অস্ত্ৰ তথা গুলি-বাৰুদ সংগ্ৰহ কৰিছে আৰু তেওঁলোক আইটিঅ’ আৰু দৰিয়াগঞ্জলৈ আহিব। ইয়াৰ পাছতে আৰক্ষী সষ্টম হৈ পৰে।

বিশেষ শাখাৰ আৰক্ষী আয়ুক্ত প্ৰমোদ সিং কুছবাহে জানিবলৈ দিয়ে যে নিৰ্দিষ্ট খৱৰৰ ভিত্তিতে তেওঁলোকক কৰায়ত্ত কৰিবলৈ পতা জালত পৰে যুৱককেইজন আৰু আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যুৱক চাৰিজনে তেওঁলোকৰ মুখ্য কমাণ্ডাৰৰ নিৰ্দেশত যোৱা ২৭ ছেপ্টেম্বৰত দিল্লীলৈ আহি পাহাৰগঞ্জ অঞ্চলত ঘাটি পাতি তাৰপৰাই অস্ত্ৰ তথা গুলি-বাৰুদ সংগ্ৰহ কৰিছিল।

আৰক্ষীয়ে সন্দেহ কৰে যে যুৱককেইজনে ৰাজধানী চহৰখনত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছিল।