NORTHEAST NOW (Assamese)

আপত মোক্ষম আঘাত! বিজেপিত যোগদান কৰিবলৈ সাজু ৰাঘৱ চাড্ডা

April 24, 2026 4:21 pm · এন ই নাও নিউজ, গুৱাহাটী

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বুকুত এক ডাঙৰ আঘাত হানিলে আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেতা ৰাঘৱ চাড্ডাই।  সোমবাৰে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ কথা ঘোষণা কৰিছে নেতাগৰাকীয়ে।

আম আদমি পাৰ্টিত গুৰুত্ব হ্ৰাস পোৱাৰ কেইসপ্তাহমানৰ পিছতে চাড্ডাই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁৰ সৈতে আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ প্ৰায় দুই-তৃতীয়াংশ সাংসদেও বিজেপিত চামিল হ’ব বুলি জানিবলৈ দিছে। দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতিৰে দিল্লীত ক্ষমতালৈ অহা আম আদমি পাৰ্টিয়ে বৰ্তমান সততাৰ ৰাজনীতিৰ পৰা আঁতৰি আহিছে বুলি চাড্ডাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

আজি দুপৰীয়া জ্যেষ্ঠ সাংসদ অশোক মিত্তাল আৰু সন্দীপ পাঠকৰ সৈতে এক সংবাদমেল সম্বোধন কৰি ৰাঘৱ চাড্ডাই কয় যে হৰভজন সিং আৰু স্বাতী মালিৱালৰ দৰে জনপ্ৰিয় নেতায়ো তেওঁৰ সৈতে বিজেপিত যোগদান কৰিব। যিটো দলৰ বাবে তেওঁ জীৱনৰ ১৫টা বছৰ উচৰ্গা কৰিছিল, সেই দলটোৱে এতিয়া আদৰ্শৰ পৰা ফালৰি কাটি যোৱা বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে।

তেওঁ কয় যে তেওঁ এজন শুদ্ধ মানুহ আছিল যদিও ভুল দলত আছিল। সেইবাবেই এতিয়া দল ত্যাগ কৰি জনসাধাৰণৰ ওচৰলৈ যোৱাৰ স্বাৰ্থত তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে। এই ঘটনাই ৰাষ্ট্ৰীয় ৰাজনীতিত এক ব্যাপক খলকনিৰ সৃষ্টি কৰিছে।

Related News