NORTHEAST NOW (Assamese)

গৰু বিহুৰ দিনাই বোকাখাতৰ জাপৰি পথাৰ আৰু ভকত চাপৰিত ধুমুহাৰ তাণ্ডৱ,বিস্তৰ ক্ষতি

April 14, 2019 2:09 pm · উত্তম শইকীয়া
বোকাখাতত ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা এটি দৃশ্য। ফটো : নৰ্থইষ্ট নাও

আজি পুৱা বোকাখা়তৰ ওপৰেদি পাৰহৈ যোৱা এজাক প্ৰলয়ঙ্কৰী ধুমুহাই বহু বাসগৃহ ধ্বংস কৰি বিস্তৰ ক্ষতি সাধন কৰে।

মহকুমাটোৰ জাপৰি পথাৰ, বহিখোৱা আৰু ভকত চাপৰি গাঁৱৰ শতাধিক লোকৰ বাসগৃহ ধ্বংস কৰি ক্ষতি সাধন কৰে ধুমুহা জাকে। জাপৰি পথাৰলৈ যোৱা পথ, ধ্বজা চাৰি আলিৰ পথৰ ওপৰত গছ ভাঙি পৰাৰ বাবে পথ যোগাযোগ ব্যাহত হোৱাৰ লগতে পুৱাৰে পৰাই সমগ্ৰ বোকাখাততে বিজুলী যোগান বন্ধ হৈ আছে ৷

গৰু বিহুৰ দিনা পুৱাতেই অহা এই বতাহজাকে মানুহৰ থকাৰ ঘৰটো বাদেই পিন্ধাৰ কাপোৰ আৰু খোৱাৰ চাউল কেইটাও নষ্ট কৰি পেলায় ৷ আনকি, গৰুৰ বিহুৰ দিনা গৰু কেইটাকো নুৱাবলৈ নেপালে গঞাই ৷

আনহাতে, আজি বন্ধৰ দিন হোৱাৰ বাবে দুৰ্গত ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে ৷ ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদানৰ বাবে দুৰ্গত গাঁৱলৈ লাট মণ্ডলক প্ৰেৰণ কৰি যথা বিহিত সাহায্য প্ৰদান কৰিবৰ বাবে বোকাখাতৰ মহকুমাধিপতিয়ে নিৰ্দেশ দিছে।

Related News