NORTHEAST NOW (Assamese)
অসম

গৰুক গা ধুৱাবলৈ গৈ ব্ৰহ্মপুত্ৰত নিখোজ এজন ছাত্ৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 14, 2019 2:12 pm
গৰুক গা ধুৱাবলৈ গৈ ব্ৰহ্মপুত্ৰত নিখোজ এজন ছাত্ৰ

গৰু বিহুৰ দিনাই উত্তৰ গুৱাহাটীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ব্ৰহ্মপুত্ৰৰ নৈৰ ঘাটত গৰুক গা ধুৱাবলৈ গৈ সন্ধানহীন হৈছে এজন ১৮ বছৰীয়া ছাত্ৰ। নিখোজ ছাত্ৰজনৰ নাম প্ৰবাল হাজৰিকা। প্ৰবালে দ্বাদশ শ্ৰেণীত পঢ়ি থকা বুলি জানিব পৰা গৈছে।

আজি পুৱাৰ ভাগত উত্তৰ গুৱাহাটীৰ মাজগাওঁ নিবাসী পিতৃ অজয় হাজৰিকাৰ সৈতে সন্ধানহীন প্ৰৱাল গৰুক গা ধুৱাবলৈ ব্ৰহ্মপুত্ৰৰ এটা ঘাটলৈ আহিছিল। গৰুক গা ধুৱাবলৈ লওঁতেই পিতা-পুত্ৰ দুয়োকে নৈৰ কোবাল সোঁতে উটুৱাই লৈ যায়।

অৱশ্যে সংকটজনক অৱস্থাত স্থানীয় কিছুসংখ্যক ৰাইজে পিতৃ অজয় হাজৰিকাক উদ্ধাৰ কৰে।

বৰ্তমানো এছ ডি আৰ এফ জোৱানে নিখোজ হোৱা ছাত্ৰজনৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে উদ্ধাৰ হোৱা নাই ছাত্ৰজন।

গৰু বিহুৰ দিনাই সংঘটিত এই শোকাৱহ ঘটনাই উত্তৰ গুৱাহাটীত শোকৰ ছাঁ পেলাইছে।