NORTHEAST NOW (Assamese)
অসম

ক’ল’ন বক্সিং বিশ্বকাপত ৰূপৰ পদক অৰ্জন ফাইলাও বসুমতাৰীৰ

Posted by: এন ই নাও নিউজ April 14, 2019 3:56 pm
Pwilao Basumatary

জাৰ্মানীত অনুষ্ঠিত হোৱা ক’ল’ন বক্সিং বিশ্বকাপ (Cologne Boxing World Cup)ত ৰূপৰ পদক অৰ্জন কৰিছে অসমৰ প্ৰতিভাসম্পন্ন মহিলা বক্সাৰ ফাইলাও বসুমতাৰীয়ে। এই খবৰে স্বাভাৱিকতে অসমৰ ক্ৰীড়া সমাজক উৎফুল্লিত কৰি তুলিছে।

৬৪ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ফাইলাওৱে প্ৰতিযোগিতাখনৰ ফাইনেলত চীনৰ বক্সাৰ চেংয়ু য়াঙৰ বিপক্ষে পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিব লগীয়া হয়।

অসমৰ বক্সাৰগৰাকীয়ে ছেমিফাইনেলত তিনিবাৰৰ য়ুৰোপিয়ান চেম্পিয়ন ডেনমাৰ্কৰ আয়াজা ডিট্ৰেক তীব্ৰ প্ৰত্যাহ্বানৰ অন্তত ৩-২ পইণ্টত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।

প্ৰতিযোগিতাখনত ভাৰতে এটা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক সহিতে মুঠ পাঁচটা পদক লাভ কৰে। পদক বিজয়ী বক্সাৰ কেইগৰাকী হ’ল মীনা কুমাৰী(স্বৰ্ণ), ফাইলাও আৰু সাক্ষী(ৰূপ) আৰু পিংকীৰাণী আৰু পাৰভিন(ব্ৰঞ্জ)।

উল্লেখ্য যে চলিত বছৰৰ ফেব্ৰুৱাৰি মাহত বুলগেৰিয়াৰ ছ’ফিয়াত অনুষ্ঠিত হোৱা ৭০ সংখ্যক ষ্ট্ৰেঞ্জা স্মৃতি বক্সিং প্ৰতিযোগিতাত ফাইলাও বসুমতাৰীয়ে ইটালীৰ প্ৰতিপক্ষ খেলুৱৈক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।

ইফালে অহা ১৬ এপ্ৰিলৰ পৰা বেংককত অনুষ্ঠিত হ’ব লগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবেও অসমৰ এইগৰাকী প্ৰতিভাৱান বক্সাৰ ফাইলাও বসুমতাৰীক ৬৪ কেজি শাখাৰ বাবে ৰিজাৰ্ভত ৰখা হৈছে।