NORTHEAST NOW (Assamese)

নয়ডাৰ বিদ্যুৎ উপ কেন্দ্ৰত ভয়ংকৰ অগ্নিকাণ্ড : ক’লা ধোঁৱাই ছানি ধৰিলে নয়ডাৰ আকাশ

August 19, 2020 2:23 pm · এন ই নাও নিউজ
Updated: August 19, 2020 2:29 pm

দিল্লীৰ সমীপৱৰ্তী উত্তৰ প্ৰদেশৰ অভিজাত অঞ্চল নয়ডাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।

বুধবাৰে পুৱা এটা বিদ্যুৎ উপ কেন্দ্ৰত হঠাতে দাউকৈ দাউকৈ জুলি উঠে জুই।

সংবাদ প্ৰতিষ্ঠান এন আই এৰ বাতৰি অনুসৰি নয়ডাৰ ছেক্টৰ ১৪৮ স্থিত নয়ড়াৰ পাৱাৰ কোম্পানি লিমিটেড(NPCL)ৰ এটা চাব ষ্টেশ্যনত পুৱা প্ৰায় ৮ বজাত এই অগ্নিকাণ্ডটো সংঘটিত হয়।

অগ্নিকাণ্ডটো সূত্ৰপাত হোৱাৰ সময়ত নয়ডাত বৃষ্টিপাত হৈ আছিল।

অগ্নিকাণ্ডৰ ফলত নয়ড়াৰ উক্ত অঞ্চলটোত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে।

অগ্নিকাণ্ডটো সূত্ৰপাত হোৱাৰ লগে লগে চাব ষ্টেশ্যনটোৰ সমীপৰ আকাশ ক’লা ধোঁৱাই ছানি ধৰে।

অগ্নিকাণ্ডৰ খবৰ পায়ে অগ্নিনিৰ্বাপক বাহিনীৰ কেবাখনো বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।

শেহতীয়াকৈ পোৱা খবৰ অনুসৰি ইতিমধ্যে জুই নিয়ন্ত্ৰণ কৰা হৈছে।

উক্ত অগ্নিকাণ্ডটোত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই।

অগ্নিকাণ্ডটো কেনেকৈ সূত্ৰপাত ঘটিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

Related News