NORTHEAST NOW (Assamese)
অসম

ৰাজ্য চৰকাৰৰ তৎপৰতা : গুৱাহাটী অভিমুখে উৰিষ্যাত আৱদ্ধ নলবাৰী,বাইহাটাৰ তীৰ্থযাত্ৰীৰ দল

Posted by: এন ই নাও নিউজ May 4, 2019 3:50 pm
8100ba88-5361-40aa-8564-cdc0921f2c16-1140x570

উৰিষ্যা ভ্ৰমণলৈ যোৱা অসমৰ তীৰ্থযাত্ৰী আৰু পৰ্যটকসকলক সুকলমে ৰাজ্যলৈ ওভতাই অনাৰ সন্দৰ্ভত অসম চৰকাৰৰ এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়।

এতিয়াও উৰিষ্যাত আৱদ্ধ হৈ থকা তীৰ্থযাত্ৰীসকলক ওভতাই অনাৰ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে উৰিষ্যা চৰকাৰৰ সৈতে যোগাযোগ কৰিছে।

ইতিমধ্যে নলবাৰীৰ পৰা যোৱা এটা ৩৪ জনীয়া তীৰ্থযাত্ৰীৰ দলক সুকলমে কলকাতালৈ অনাৰ পাছত ৰে’লেৰে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে, বাইহাটা চাৰিআলিৰ পৰা যোৱা এটা ১৮জনীয়া দলৰ মাজৰ দুজন পুৰীৰ পৰা আহি কলকাতা পোৱাৰ পাছত তেওঁলোককো গুৱাহাটীলৈ পঠিয়াই দিয়া  হৈছে।

বাইহাটা চাৰিআলিৰ ১৬জনীয়া তীৰ্থযাত্ৰীৰ দল এটা এতিয়া পুৰীত আছে। তেওঁলোকৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে সদ্যহতে পুৰীতে থকাৰ ইচ্ছা প্ৰকাশ কৰে।

ৰাজ্য চৰকাৰে উৰিষ্যাত এতিয়া আৱদ্ধ হৈ থকা অসমৰ তীৰ্থযাত্ৰী আৰু পৰ্যটকসকলক তেওঁলোকৰ সুবিধা অনুযায়ী ৰাজ্যলৈ ওভতাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

আজিৰ উচ্চস্তৰীয় বৈঠকত মুখ্য মন্ত্ৰী দুগৰাকী উপদেষ্টাৰ লগতে গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিং আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া অৰুণা ৰাজৰিয়া উপস্থিত থাকে।