NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প বাতিলৰ দাবীৰে প্ৰতিবাদী সমদল; উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে এই প্ৰতিবাদ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 10, 2019 8:48 pm
Image_1557498223129

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশৰ কাৰ্বি আংলং পাহাৰত চলি থকা অবাধ বনাঞ্চল আৰু পাহাৰ ধ্বংস যজ্ঞ বন্ধ কৰিবৰ বাবে দিয়া নিৰ্দেশৰ পাচত আজি অঞ্চলটোৰ একাংশ লোকে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশ বাতিল কৰাৰ দাবীত প্ৰতিবাদী সমদল উলিয়াই৷

কলিয়াবৰ মহকুমাৰ কুঠৰীৰ পৰা ওলোৱা  সমদলটোৱে ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে আগবাঢ়ি বাগৰিৰ উচ্চ মাধ্যমিক বিদ্যালয়ত পুনৰ সমবেত হৈ এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্প্ৰসাৰণ প্ৰতিবাদী সমিতিৰ সম্পাদক কাৰ্বি আংলঙৰ মোহেন বেইৰ পৌৰহিত্যত অনুষ্ঠিত  সভাত উচ্চতম ন্যায়লয়ৰ  নিৰ্দেশৰ প্ৰতিবাদ কৰাৰ লগতে ন্যায়লয়ৰ নিৰ্দেশৰ প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহন কৰা হয়৷

প্ৰতিবাদকাৰী সকলৰ মতে একাংশ আৰ টি আই কৰ্মী আৰু কেন্দ্ৰীয় সৱলীকৰণ সমিতিৰ ভূৱা প্ৰতিবেনৰ আধাৰতেই ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰিছে ৷ তেওঁলোকৰ নিৰ্দেশনা অনুসৰি কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ আধাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিসীমাৰ পৰা ১০ কিলোমিটাৰ পৰ্যন্ত পাৰিপাৰ্শ্বিক সংবেদনশীল এলেকা হিচাবে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে কৰা ঘোষনাৰ বাবে কাৰ্বি আংলং আৰু ইয়াৰ পটভুমিত বসবাস কৰা লোকসকল জীৱন ধাৰণৰ সাধাৰণ সুবিধা খিনিৰ পৰাও বঞ্চিত হোৱাৰ আশংকাই দেখা দিছে৷

সেয়েহে প্ৰতিবাদকাৰীসকলে অনুষ্ঠিত কৰা সভাখনত কাজিৰঙা ব্যঘ্ৰ প্ৰকল্পক বাতিল কৰাৰ বাবে দাবী জনায় ৷

সভাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বেনটিং তেৰাং , বিজেপিৰ ৰাজ্যিক যুৱ পৰিষদৰ কাৰ্যবাহী সদস্য আকাশ ফুকন, কুঠৰীৰ বাবা মহন্ত আৰু খগেন ৰংফাৰে ভাষণ প্ৰদান কৰে৷

মন কৰিবলগীয়া যে, কাজিৰঙাৰ দক্ষিণৰ কাৰ্বি আংলং জিলাৰ পাদদেশত গঢ়ি উঠা শতাধিক শিলৰ কুৱেৰী আৰু শিল ভঙা উদ্যোগে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰখনৰ প্ৰতি সৃষ্টি কৰা ভাবুকিৰ বাবেই উচ্চতম ন্যায়লয়ে অতি শীঘ্ৰে এই ধ্বংস বন্ধ কৰিবৰ বাবে নিৰ্দেশ দিছিল৷

প্ৰকৃতি, জৈৱ বৈচিত্ৰতাৰ গুৰুত্ব আৰু মানৱ জাতিৰ বাবে কাজিৰঙাৰ গুৰুত্ব নুবুজা এচাম অৰ্থ লোভী ব্যৱসায়ীৰ একান্ত ব্যক্তিগত মুনাফাৰ বাবে চলোৱা এই ধ্বংস যজ্ঞই  কাৰ্বি আংলং জিলাৰ আপুৰুগীয়া জৈৱ বৈচিত্ৰ আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাক ক্ৰমে নিঃশেষ কৰিবলৈ ওলাইছে৷