NORTHEAST NOW (Assamese)
অসম

আহি আছে প্ৰতি কিঃত ৫ টকাৰ ৱাইফাই কেব সেৱা!! উকলিব নেকি অ’লা/উবেৰৰ দিন?

Posted by: এন ই নাও নিউজ September 14, 2018 7:41 pm
Wify_cab

গুৱাহাটীৰ পৰা ব্যৱসায় কৰিবলৈ টঙালি বন্ধা এটা ষ্টাৰ্ট আপ (নতুন উদ্যোগিক প্ৰতিষ্ঠান) ‘ৱাইফাই কেব’-এ গুৱাহাটীকে ধৰি দেশৰ মুঠ ৯৮খন মহানগৰত ফৰমাইচী টেক্সিসেৱা (demand cab services) আগ বঢ়াব বুলি সংবাদমেলত উল্লেখ কৰে। সংবাদমেলত মুখ্য কাৰ্য্যবাহী বিষয়া মৃদুল দাসে কয়, “তেওঁলোকে ইতিপূৰ্বে বজাৰ সমীক্ষা (market surveys) সম্পূৰ্ণ কৰিছে। লগতে ২ হাজাৰখন কেব তেওঁলোকে হাতত ৰাখিছে। প্ৰথমটো সেৱা দুৰ্গাপূজাৰ আগে আগে গুৱাহাটীতে মুকলি কৰা হ’ব।” দেশৰ প্ৰতিখন স্মাৰ্ট চিটিতে তেওঁলোকে সেৱা আগ বঢ়োৱাৰ পৰিকল্পনা কৰাৰ কথাও কয়।

আনহাতে তেওঁ কোম্পানীটোৱে আনবোৰ এনেকুৱা এপ ভিত্তিক সেৱাৰ তুলনাত তেওঁলোকৰ সেৱাৰ পাৰ্থক্য দাঙি ধৰি কয় যে তেওঁলোকৰ এটাই দাম থাকিব। সেইটো হ’ল- প্ৰতিকিলোমিটাৰত ৫ টকা। ইয়াত শীৰ্ষ চাহিদাৰ সময় বা ৰাতিৰ অতিৰিক্ত দাম নাথাকে।

নকৈ গঠিত কোম্পানীটোৱে এতিয়ালৈকে ১.২ কোটি টকাৰ আৰম্ভণি মূলধন সংগ্ৰহ কৰিছে বুলি কয়।

ইফালে তেওঁলোকে নিজৰ লাভৰ ৮ শতাংশ ঔদ্যোগিক সামাজিক দায়বদ্ধতা বা চি এছ আৰত খৰচ কৰিব বুলিও সংবাদমেলত বিষয়াজনে জানিবলৈ দিয়ে। এই সামাজিক দায়বদ্ধতাৰ শিতানৰ ধন তেওঁলোকে পথ নিৰ্মাণত ব্যৱহাৰ কৰিব বুলি কয়।

মৃদুল দাস লগতে কয় যে তেওঁলোকৰ কোম্পানীটোৱে বিভিন্ন চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে এটা ব্যৱসায়িক বুজাবুজি কৰিব, যাতে তেওঁলোকক ৱাইফাই কেবৰ জৰিয়তে এম্বুলেন্স সেৱা আগ বঢ়াব পৰা হয়।

অৱশ্যে নৱগঠিত কোম্পানীটোৰ বিষয়াজনে সংবাদমেলত কৰা ঘোষণাৰ বিপৰীতে এই পৰ্য্যন্ত তেওঁলোকৰ ৱেবছাইট বা এপ সাজু হৈ উঠাৰ কথা অৱগত নকৰিলে। এই ধৰণৰ সেৱা আগ বঢ়াবৰ বাবে আধাৰ হিচাপে যি উচ্চ মানৰ ৱেবছাইট আৰু এপ দৰকাৰ হ’ব সেয়া তেওঁলোকৰ নিৰ্মাণ হৈ আছে নে হ’ব সেই কথাও বেকত নকৰিলে।