NORTHEAST NOW (Assamese)
অসম

চিৰসেউজী সংঘলৈ মঙলদৈ চুপাৰ ডিভিজন ফুটবল লীগৰ খিতাপ

Posted by: ময়ুখ গোস্বামী September 14, 2018 7:49 pm
Champion Siraseuji Sangha

মঙলদৈ ক্ৰীড়া সন্থাই আয়োজন কৰা ড০ ৰেৱতী মোহন বৰদলৈ সোঁৱৰণী আন্তঃ ক্লাব চুপাৰ ডিভিজন লীগত বিজয়ীৰ খিতাপ দখল কৰিছে মঙলদৈৰ উপাহুৱাপাৰাৰ চিৰসেউজী সংঘই।

পইণ্ট তালিকাত শীৰ্ষ স্থানত থকাসূত্ৰে দলটোৱে এই খিতাপ আৰ্জন কৰিছে।

প্ৰতিযোগিতাখনৰ ৰাউণ্ড ৰবিন লীগত ভাগ লোৱা ৮টা দলৰ ভিতৰত ক্লাবটোৱে ৭খন খেলত আৰ্জন কৰে সৰ্বোচ্চ ১৭ পইণ্ট। ৫খন খেলত বিজয়সূত্ৰে দলটোৱে সম্পূৰ্ণ ৩ পইণ্টকৈ পোৱাৰ লগতে ড্ৰ হোৱা বাকী ২খন খেলত ২ পইণ্ট পায়।

১৫ পইণ্টেৰে মঙলদৈ ক্লাব বিজেতা সন্মান পায় আৰু মঙলদৈ টাউন ক্লাব পৰিণত হয় ৩য় স্থানৰ দল হিচাপে।

ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক বিপুল কুমাৰ শৰ্মাই নৰ্থ ইষ্ট নাও-ক জনোৱা মতে অহা ১৬ ছেপ্তেম্বৰত দলসমূহক ট্ৰফি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।