NORTHEAST NOW (Assamese)
অসম

কীৰ্ত্তনপাৰাৰ এগৰাকী মহিলাৰ জীৱন সংগ্ৰামৰ কাহিনী; গাঁৱে গাঁৱে চাইকেলেৰে চলাইছে ব্যৱসায়

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী May 6, 2021 4:23 pm
lady carrying business in bycycle

সমগ্ৰ দেশতে কৰ’নাই কাল ৰূপ ধাৰণ কৰাত সংকটত পৰিছে হাজাৰ হাজাৰ দৰিদ্ৰ পৰিয়াল। বহু যুৱক-যুৱতীয়ে কৰ্মসংস্থান হেৰুৱাই ঘৰতে বহি থাকিবলগীয়া হৈছে।

তাৰ মাজতে বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কীৰ্ত্তনপাৰা গাঁৱৰ এগৰাকী মহিলাৰ জীৱন সংগ্ৰামৰ কাহিনী বৰ্তমান সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে।

প্ৰভাতী আৰ্য্য নামৰ মহিলা গৰাকীয়ে ৰুগীয়া স্বামীক চিকিৎসাৰ লগতে ৫ জনীয়া পৰিয়ালটোক পোহপাল দিয়াৰ বাবে ৰাতিপুৱাৰ পৰা চাইকেল মাৰি গাঁৱে গাঁৱে ঘূৰিছে কাপোৰ বিক্ৰী কৰিবৰ বাবে।

মহিলাগৰাকীৰ স্বামী লালন আৰ্য্য দীৰ্ঘদিন ধৰি পক্ষাঘাত বেমাৰত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে। স্বামীৰ চিকিৎসাৰ লগতে ৩ জন সন্তানক এমুঠি অন্ন আৰু বস্ত্ৰৰ বাবে মহিলাগৰাকীয়ে চলাই গৈছে তেওঁৰ সংগ্ৰাম।

অতিকৈ দৰিদ্ৰ মহিলাগৰাকীয়ে দিনটো গাঁৱে গাঁৱে কাপোৰ বিক্ৰী কৰি আবেলি ঘৰলৈ ওভতনিৰ সময়ত বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰি পৰিয়ালটোক পোহপাল দি আহিছে। মহিলাগৰাকীৰ এনে আদৰ্শই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।