NORTHEAST NOW (Assamese)

খৰাঙত আক্ৰান্ত পানামা খাল, সংকটত বিশ্ব বাণিজ্য

August 28, 2023 1:36 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 28, 2023 2:11 pm

এছিয়াৰ পৰা আমেৰিকালৈ সামগ্ৰী আমদানি আৰু ৰপ্তানিৰ বাবে পানামা খাল অন্যতম মূল সাগৰীয় পথ। যুগ যুগ ধৰি এই জলপথৰ জৰিয়তে দুয়োখন মহাদেশৰ মাজত পণ্য সামগ্ৰীৰ আদান-প্ৰদান চলি আহিছে। কিন্তু পানামা খাল এতিয়া সংকটত পৰিছে।

জলবায়ু পৰিৱৰ্তন আৰু বিভিন্ন দেশৰ নীতি পৰিৱৰ্তনৰ বাবে বিশ্ব বাণিজ্যৰ অন্যতম প্ৰতীক হিচাপে পৰিচিত পানামা খালৰ দুয়োপাৰে এতিয়া কেৱল অপেক্ষাৰত জাহাজৰ ভিৰ। কোৱা হৈছে যে পানামা খালৰ এই দুৰ্দশা আগতে কেতিয়াও দেখা যোৱা নাছিল।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যিকোনো একেটা সময়ত পানামা খালৰ দুয়োকাষে ২০০ৰো অধিক জাহাজ অপেক্ষা কৰি আছে। গড়ে জাহাজসমূহে পানামা খাল পাৰ হ’বলৈ প্ৰায় চাৰিদিন অপেক্ষা কৰিবলগীয়া হৈছে।

ব্লুমবাৰ্গে প্ৰকাশ কৰা মতে, বহু সময়ত এনেকুৱাও হৈছে যে  কিছুমান জাহাজে ২০ দিনতকৈ অধিক সময় অপেক্ষা কৰিবলগীয়া হৈছে। 

বিশেষজ্ঞসকলৰ মতে পানামা খালৰ দুয়োকাষে অপেক্ষাৰত জাহাজৰ ‘মেলা’ৰ অন্যতম কাৰণ হ’ল খালটোৰ জলস্তৰ হ্ৰাস। জলবায়ু পৰিৱৰ্তন আৰু দীৰ্ঘদিনীয়া খৰাং পৰিস্থিতিৰ বাবে পানামা খাল সংলগ্ন পানীৰ স্তৰ লাহে লাহে কমি আহিছে।

খালটোৰ কাষতে থকা গাটুন হ্ৰদ পানামাৰ পানী যোগানৰ অন্যতম উৎস। যোৱা সাত বছৰত সেই হ্ৰদৰ জলপৃষ্ঠ যথেষ্ট হ্ৰাস পাইছে। ফলত পানামাৰ জলপৃষ্ঠও হ্ৰাস পাইছে।

পানামাক সংৰক্ষণৰ বাবে পানামা খাল কৰ্তৃপক্ষই বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছে যদিও কৰ্তৃপক্ষই ভাবে যে ইয়াৰ পৰা বিশেষ লাভ হোৱা নাই।

এচিপিৰ নতুন নিয়ম অনুসৰি পানামা খালৰ মাজেৰে প্ৰতিদিনে ৩২খনতকৈ অধিক জাহাজ পাৰ হোৱাৰ অনুমতি নাই।

মধ্য আমেৰিকাৰ দেশ পানামাত প্ৰায় ১৪০০ টা দ্বীপ সিঁচৰতি হৈ আছে। ইয়াৰে বেছিভাগ দ্বীপতে মানুহৰ বসতি আছে। কিন্তু দ্বীপসমূহে বিগত ৭০ বছৰত ইমান বিপদজনক খৰাং পৰিস্থিতিৰ সন্মুখীন হোৱা নাই।

অনুমান কৰা হৈছে যে এই খৰাঙত প্ৰায় ২০ কোটি ডলাৰৰ লোকচান হৈছে। বৰ্তমান সময়ত পানীৰ স্তৰ হ্ৰাস পোৱাৰ বাবে মালবাহী জাহাজসমূহে কম সামগ্ৰী কঢ়িয়াই লৈ ফুৰিছে।

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বাবে পানামা খালটোৱে সন্মুখীন হোৱা সমস্যাসমূহ ভৱিষ্যতে আৰু বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে। যাৰ প্ৰত্যক্ষ প্ৰভাৱ বিভিন্ন দেশৰ অৰ্থনীতিত পৰিব পাৰে।

বিশেষজ্ঞসকলে আশংকা কৰিছে যে পানামা খালৰ জলস্তৰ হ্ৰাস পাই থাকিলে আমেৰিকাত মুদ্ৰাস্ফীতি বৃদ্ধি পাব পাৰে। সেই দেশত বিভিন্ন আমদানিকৃত সামগ্ৰীৰ দাম বৃদ্ধি পাব পাৰে।

আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সম্প্ৰসাৰণ আৰু ই-কমাৰ্চৰ আগমনৰ ফলত শেহতীয়া বছৰবোৰত পানামা খালৰ জৰিয়তে সামগ্ৰীৰ আমদানি আৰু ৰপ্তানি বৃদ্ধি পাইছে। ইফালে এই সংকটে বহু দেশ বিশেষকৈ আমেৰিকাত উদ্বেগ সৃষ্টি কৰিছে।

অৱশ্যে এচিপিৰ মতে পানামা খালৰ সমস্যা অতি সোনকালে সমাধান হ’ব। এই সংকট দূৰ কৰিবলৈ দিনে নিশাই কাম চলি থকা বুলিও কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

Related News