NORTHEAST NOW (Assamese)

শুৱালকুছিত ভেলাঘৰত শিল্পবোধ আৰু জাতীয়তাবোধৰ অপূৰ্ব নিদৰ্শন : প্ৰকাণ্ড এশিঙীয়া গঁড়ৰ আৰ্হি নিৰ্মাণেৰে ৰাইজলৈ বাৰ্তা

January 13, 2019 10:58 am · মৃদুল প্ৰীতম ডেকা
শুৱালকুচিৰ হাটীসত্ৰৰ যুৱকসকলে নিৰ্মাণ কৰা ভেলাঘৰটো।

ভোগালীৰ আনন্দৰ উপভোগৰ মাজতো শিল্পবোধ আৰু জাতীয়তাবোধৰ প্ৰকাশ ঘটাব পাৰি। এই কথাকে প্ৰমাণ কৰিলে বস্ত্ৰনগৰী শুৱালকুছিৰ হাটীসত্ৰৰ যুৱকসকলে। তেওঁলোকে নিৰ্মাণ কৰা ভেলাঘৰত শিল্পবোধ আৰু জাতীয়তাবোধৰ অপূৰ্ব নিদৰ্শন ধৰি এই প্ৰমাণ দাঙি ধৰিছে।

বস্ত্ৰনগৰীখনৰ উক্ত অঞ্চলৰ যুৱকসকলে লগ লাগি কেইবাদিনো পৰিশ্ৰম কৰি এটা প্ৰকাণ্ড এশিঙীয়া গঁড়ৰ আৰ্হিৰ ভেলাঘৰ নিৰ্মাণ কৰিছে। এমাহ পূৰ্বৰ পৰা দিন-নিশা একাকাৰ কৰি যুৱকসকলে গঁড়ৰ আকৃতিৰ এই দৃষ্টিনন্দন ভেলাঘৰটো সাজি উলিওৱা বুলি নৰ্থ-ইষ্ট নাওক জনায়।

“গঁড়ৰ আৰ্হিত নিৰ্মাণ কৰা এই ভেলাঘৰ দাহ কৰা নহয়- ইয়াক সংৰক্ষণ কৰা হব” জনালে শুৱালকুছি হাটী সত্ৰৰ যুৱকসকলে নৰ্থ-ইষ্ট নাওক জনালে। অসম গৌৰৱ এশিঙীয়া গঁড় হত্যা ৰোধ কৰাৰ বাবে আহ্বান দি তেওঁলোকে জনসাধাৰণৰ মাজলৈ বাৰ্তা প্ৰেৰণ কৰিবৰ বাবেই এইদৰে শিল্পকলাৰ আশ্ৰয় লোৱা বুলি জানিবলৈ দিয়ে।

আনহাতে তেওঁলোকেও সমগ্ৰ অসমৰ জনগণৰ সৈতে একাত্মতা প্ৰকাশ কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ভেলাঘৰৰ তলৰ পৰাই প্ৰতিবাদ কৰাৰ কথা জনায়। বিধেয়কখন বাতিল কৰাৰ দাবী তোলে ভেলাঘৰৰ তলৰ পৰা ঐক্যবদ্ধ কণ্ঠেৰে।

Related News