NORTHEAST NOW (Assamese)

প্ৰেমত ফুলিছে শতদল… বনৰীয়া হাতীৰ জাকৰ লগত পলাল দুজনী প্ৰশিক্ষিত মাখুন্দী, ৰাষ্ট্ৰীয় উদ্যানত হাহাকাৰ

May 31, 2026 8:42 am · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰাখণ্ডৰ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। বনৰীয়া হাতীৰ জাকৰ সৈতে দুজনীকৈ প্ৰশিক্ষিত মাইকী হাতী পলাই যোৱাৰ খবৰ পোৱা গৈছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি এই কথা জানিব পৰা গৈছে। ইতিমধ্যে নিৰুদ্দেশ হোৱা হাতী দুজনীৰ সন্ধানত বন বিভাগে অভিযান আৰম্ভ কৰিছে।

জানিব পৰা মতে, এই হাতী দুজনীৰ নাম হৈছে কপিলা আৰু তুংগা। জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে পহৰা দিয়াৰ কামত এই হাতী দুজনীক নিয়োজিত কৰা হৈছিল। কিন্তু যোৱা কেইবাদিনো ধৰি সিহঁতৰ কোনো ধৰণৰ সন্ধান পোৱা নাই। সন্দেহ কৰা হৈছে যে ৰাতিৰ ভাগত ঘূৰি ফুৰাৰ সময়ত হাতী দুজনী বনৰীয়া হাতীৰ জাকৰ লগত গুচি গৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, এই হাতী দুজনী যথেষ্ট প্ৰশিক্ষিত আছিল আৰু সিহঁতক সাধাৰণতে উদ্ধাৰ অভিযান তথা হাবিত পহৰা দিয়া কামত ব্যৱহাৰ কৰা হৈছিল।

অৱশ্যে, জিম কৰবেটত ইয়াৰ আগতেও এনেধৰণৰ ঘটনা ঘটিছিল বুলি জানিব পৰা গৈছে। আগতেও প্ৰশিক্ষিত হাতী বনৰীয়া হাতীৰ জাকৰ লগত মিলি গৈ পথ হেৰুৱাইছিল, কিন্তু কেইদিনমানৰ পাছত সিহঁত আকৌ নিজৰ আস্থানলৈ ঘূৰি আহিছিল। বৰ্তমান এই খবৰটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু সকলোৰে মাজত চৰ্চাৰ বিষয় হৈ পৰিছে। বন বিভাগৰ বিষয়াসকলে বৰ্তমান হাতী দুটাৰ বিচাৰ-খোঁচাৰ অব্যাহত ৰাখিছে আৰু সোনকালেই সিহঁতক বিচাৰি উলিয়াব বুলি আশা কৰা হৈছে।

Related News