NORTHEAST NOW (Assamese)
অসম

নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দীৰ মৃত্যুত চাঞ্চল্য : পৰিয়ালৰ লোকৰ মতে স্বাভাৱিক মৃত্যু নহয়

Posted by: মিণ্টু দাস August 26, 2018 2:29 pm
jail1

নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ এজন বিচাৰাধীন কাৰাবন্দীৰ শনিবাৰে ৰহস্যজনক কাৰণত মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, জিলাখনৰ শান্তিজান নিবাসী আনাৰুল হুছেইন নামৰ লোকজন নগাঁও কেন্দ্ৰীয় কাৰাগাৰত প্ৰায় তিনিমাহ ধৰি কাৰাবন্দী হৈ আছিল। এই যুৱকজনে তিনি মাহ পুৰ্বে নগাঁৱৰ কদমতল অঞ্চলত এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অপৰাধত তেওঁক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল।

শুকুৰবাৰে বিয়লি কাৰাবন্দীজন হঠাৎ অসুস্থ হৈ পৰাত তেওঁক ততাতৈয়াকৈ কাৰাগাৰ কৰ্তৃপক্ষই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাত শনিবাৰে পুৱা তেওঁৰ মৃত্যু হয়।

কাৰাগাৰ কৰ্তৃপক্ষই দাবী কৰা মতে, হৃদ ৰোগত আক্ৰান্ত হোৱাত এইদৰে তেওঁৰ আকস্মিক মৃত্যু হয়। কিন্তু এই মৃত্যুক সহজে লোৱা নাই ভুক্তভোগী পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকে অভিযোগ কৰা মতে, কালিলৈকে সুস্থ হৈ থকা মানুহজন হঠাৎ অসুস্থ হৈ মৃত্যুমুখত পৰা ঘটনাই তেওঁৰ মৃত্যুৰ বিষয়টো সন্দেহৰ আওতাত সোমাই পৰিছে।

আনাৰুলৰ মৃত্যু কোনো কাৰণত স্বাভাৱিক নহয়। এই সন্দৰ্ভত এক তদন্ত দাবী জনাইছে পৰিয়ালৰ লোকে। ইপিনে, মৰণোত্তৰ পৰীক্ষা কৰি কাৰাগাৰ কৰ্তৃপক্ষই মৃতদেহটো পৰিয়ালৰ লোকক চমজাই দিছে।