NORTHEAST NOW (Assamese)
দেশ

আৰ জি কৰ গোচৰৰ ৰায় দিয়াৰ পূৰ্বে প্ৰেমিকক হত্যা কৰাৰ অপৰাধত প্ৰেমিকাক মৃত্যুদণ্ড কেৰালাৰ আদালতৰ

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক January 20, 2025 2:39 pm

আৰ জি কৰ গোচৰৰ অভিযুক্ত সঞ্জয় ৰায়ৰ শাস্তি ঘোষণা কৰাৰ পূৰ্বে কেৰালাৰ আদালতত প্ৰেমিকক হত্যা কৰাৰ অপৰাধত ‎এগৰাকী যুৱতীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে ন্যায়াধীশে। সোমবাৰে ত্ৰিবেন্দ্ৰমৰ আদালতে যুৱতীগৰাকীক মৃত্যুদণ্ডৰ শাস্তি ‎প্ৰদান কৰে। ‎

উল্লেখ্য যে যুৱতীগৰাকীয়ে তেওঁৰ প্ৰেমিক শৰণ ৰাজক বিহ খুৱাই হত্যা কৰিছিল। এই হত্যাকাণ্ডত যুৱতীগৰাকীৰ মাক ‎আৰু ককাকে সহায় কৰিছিল।

এই গোচৰৰ শাস্তি আজিৰ দিনটোতে অতিৰিক্ত সত্ৰ আদালতত ঘোষণা কৰা হয়। আদালতে যুৱতীগৰাকীৰ ককাক ‎নিৰ্মলকুমাৰন নাইৰকো দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰে। প্ৰমাণৰ অভাৱত এই গোচৰৰ পৰা দোষমুক্ত হ’ল ‎যুৱতীগৰাকীৰ মাতৃ সিন্ধুকুমাৰী। ‎

গোচৰৰ সবিশেষ অনুসৰি যুৱতীগৰাকীয়ে প্ৰেমিকক ঘৰলৈ ফোন কৰি বিহ দিয়া পানীয় খুৱাইছিল। ২০২২ চনৰ ১৪ ‎অক্টোবৰত সংঘটিত হৈছিল এই হত্যাকাণ্ড। এই গোচৰটো ২ বছৰতকৈও অধিক সময় ধৰি চলি আছিল। দুবছৰৰ বিচৰাৰ ‎অন্তত যুৱতীগৰাকীক দোষি সাব্যস্ত কৰি মৃত্যুদণ্ড দিয়ে আদালতে।

উল্লেখ্য যে আৰ জি কৰ কাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰায়কো দোষী সাব্যস্ত কৰিছে কলিকতাৰ সত্ৰ আদালতে। আজি ঘোষণা কৰা হ’ব পাৰে এই গোচৰৰ শাস্তি। এই গোচৰতো দোষীক মৃত্যুদণ্ড দিয়াৰ সম্ভাৱনা আছে।