NORTHEAST NOW (Assamese)

বয়স ৪৫ বছৰ; বিশ্বনাথত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ল এইগৰাকী মহিলা পৰীক্ষাৰ্থী

March 15, 2022 8:52 pm · কাজি জেইদুল ইছলাম, বিশ্বনাথ
ফটো: নৰ্থইষ্ট নাও।

আজিৰে পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশ্বনাথৰ এগৰাকী পৰীক্ষাৰ্থী চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

বিশ্বনাথ ঘাটৰ গড়ভিতৰ গাওঁৰ এইগৰাকী পৰীক্ষাৰ্থী হৈছে শিক্ষক আলতাফ হুছেইনৰ পত্নী বুলবুলি খাতুন।

বুলবুলি খাতুনে ৪৫ বছৰ বয়সত বিশ্বনাথ ঘাটৰ বিশ্বনাথ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে।

লগতে পঢ়ক: ইন্ধনৰ মূল্যবৃদ্ধিত অতিষ্ঠ: বিকল্প হিচাপে ক্ৰয় কৰিলে ঘোঁৰা

বুলবুলি খাতুনৰ জ্যেষ্ঠ কন্যাই আগন্তুক শিক্ষা বৰ্ষত স্নাতকোত্তৰ ক’লা শাখাৰ অন্তিম ষান্মাসিক পৰীক্ষাত অৱতীৰ্ণ হ’ব।

প্ৰৱল ইচ্ছা শক্তি থকাৰ বাবে এইদৰে ৪৫ বছৰ বয়সতো আজিৰে পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে এই শিক্ষাৰ্থী গৰাকী। শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বয়স কেতিয়াও যে হেঙাৰ হ’ব নোৱাৰে বিশ্বনাথৰ এইগৰাকী মহিলাই তাকেই প্ৰতিপন্ন কৰিলে।

লগতে পঢ়ক: শিৱসাগৰত বিজেপি কৰ্মীৰ প্ৰহাৰত আহত ই-ৰিক্সা চালক; এতিয়াও অভিযুক্তক কৰায়ত্ত কৰা নাই আৰক্ষীয়ে

কেৱল এই গৰাকীয়ে নহয়, শিক্ষাৰ প্ৰতি থকা আগ্ৰহৰ বাবে তেওঁৰ লগতে আন কেইবাগৰাকী মহিলা শিক্ষাৰ্থীও আজি পৰীক্ষা দিবলৈ ওলাই আহে।

উল্লেখযোগ্য যে, এই কেইগৰাকী শিক্ষাৰ্থী বৰ্তমান অংগনবাড়ী কৰ্মী হিচাপে নিয়োজিত হৈ আছে।

Related News