NORTHEAST NOW (Assamese)
অসম

য়াৰ্লুং চাংপোত ভূমিস্খলন : প্ৰভাৱিত এলেকাৰ পৰা এতিয়ালৈকে ৬০০০ লোকক স্থানান্তৰ

Posted by: এন ই নাও নিউজ October 19, 2018 6:22 pm
5bc928e8a310eff3690194d8

‘চাইনা ডেইলী’ সংবাদপত্ৰৰ শেহতীয়া প্ৰতিৱেদনত প্ৰকাশ হোৱা অনুসৰি তিব্বত স্বায়ত্ব শাসিত এলেকাৰ যিটো এলেকাত ব্ৰহ্মপুত্ৰৰ মূলসুঁতি য়াংৰ্লুং চাংপোৰ অংশটোত ভূমিস্খলন সংঘটিত হৈছে সেই এলেকাটোৰ পৰা এতিয়ালৈকে ৬০০০ বাসিন্দাক নিৰাপদ স্থানলৈ আঁতৰাই দিয়া হৈছে।  এলেকাটোৰ আঞ্চলিক জৰুৰীকালীন ব্যৱস্থাপনা বিভাগৰ (Regional Emergency Response Department) উদ্ধৃতিৰে সংবাদ চাইনা ডেইলী সংবাদপত্ৰই এই প্ৰতিৱেদন প্ৰকাশ কৰিছে।

ভূমি স্খলনৰ ফলত নদীখনৰ গতিপথ ৰূদ্ধ হোৱাৰ ফলত চাংপোৰ নামনি এলেকাত থকা এলেকাসমূহত চাংপো অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদী শুকাই যোৱাৰ প্ৰৱল আশংকাই দেখা দিছে।

প্ৰতিৱেদনত প্ৰকাশিত হোৱা অনুসৰি, বুধবাৰে পুৱা  ব্ৰহ্মপুত্ৰৰ মূল সোঁত য়াংৰ্লু চাংপো নৈখন বৈ অহা গভীৰ উপত্যকাটোত পাহাৰৰ শিখৰ এটা খহি পৰাৰ ফলত এটা বান্ধ প্ৰাকৃতিকভাৱে গঠন হৈছে আৰু চাংপোৰ উজনিৰ চামদোত এটা হ্ৰদৰ সৃষ্টি হৈছে।

পূৰ্বৰ প্ৰতিৱেদনত কোৱা হৈছিল যে যে তিব্বত স্বায়ত্ব শাসিত এলেকাৰ মেনলিং কাউণ্টিৰ অন্তৰ্গত গ্যালহা গাঁৱৰ সমীপত এই ভূমিস্খলন সংঘটিত হৈছিল আৰু বন্ধ হৈ পৰা পানীখিনিয়ে ৪০ মিটাৰলৈকে জলস্তৰৰ উচ্চতা বৃদ্ধি কৰিছিল।

এই দুৰ্যোগে মেডোগ আৰু মেনলিং এলেকাৰ প্ৰায় ২০,০০০ বাসিন্দাক প্ৰভাৱিত কৰিছে আৰু অধিক সংখ্যক আঁতৰাই নিয়া হ’ব। আনহাতে জৰুৰীকালীন ব্যৱস্থাপনা মন্ত্ৰ্যালয়ে শেহতীয়াভাৱে সতৰ্কবাণী জাৰী কৰিছে যে আৰু এটা ভূমিস্থলনৰ সম্ভাৱনাৰ সৃষ্টি হৈছে।