NORTHEAST NOW (Assamese)
অসম

অসমত নতুনকৈ ক’ভিড মুক্ত ৭০১, মুঠ আৰোগ্য ৯৮৪৮

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2020 10:39 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

৭০১গৰাকী ব্যক্তিয়ে অসমত শুকুৰবাৰে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে।

আৰোগ্য সমূহ ব্যক্তিকে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

এইসকল ব্যক্তিক ধৰি অসমত এতিয়ালৈকে মুঠ ক’ভিড আৰোগ্যৰ সংখ্যা হৈছে ৯৮৪৮গৰাকী।

বৰ্তমান অসমত সক্ৰিয় ৰোগীৰ সংখ্যা ৪৭১৪গৰাকী।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত ব্যক্তিৰ সংখ্যা ১৪,৬০০গৰাকী।

ইয়াৰে ৩৫গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।