NORTHEAST NOW (Assamese)
অসম

এছ বি আই শাখাকে ধৰি দুটা পথ কণ্টেইনমেণ্ট জ’ন ঘোষণা শিৱসাগৰ চহৰত

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 10, 2020 11:19 pm
COVID-19: SBI branch, two roads declared containment zone in Sivasagar town

শিৱসাগৰ জিলা প্ৰশাসনে চহৰৰ এছ বি আই শাখাকে ধৰি জে. পি. আগৰৱালা পথ আৰু এল. কে. বি. ৰ’ডক শুকুৰবাৰে কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে।

ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শিৱসাগৰ শাখাৰ কৰ্মচাৰী ৰাজীৱ দে গুৱাহাটীৰ পৰা আহি হ’ম কুৱাৰেণ্টিন হৈ থকাৰ পৰিৱৰ্তে বেংকত উপস্থিত আছিল।

ৰাজীৱ দেক ক’ভিড পজিটিভ পোৱা গৈছে।

ফলত প্ৰশাসনে এছ বি আইৰ শিৱসাগৰ শাখাটো কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে।

ইফালে জে পি আগৰৱালা পথৰ অপ্সৰা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এজন আৰু এল কে বি ৰোডৰ এজন ব্যক্তিক ক’ভিড পজিটিভ পোৱাৰ পিছতেই অঞ্চল দুটা কন্টেইনমেন্ট জ’ন ঘোষণা কৰে।

অপ্সৰা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্ত্বাধিকাৰীৰ পুত্ৰ কাশ্যপ শৰ্মাক ক’ভিড-১৯ পজিটিভ পোৱা গৈছে।

কাশ্যপ শৰ্মা নামৰ যুৱক জন ২০দিন পূৰ্বে গুৱাহাটীৰ পৰা শিৱসাগৰলৈ আহিছিল বুলি জানিব পৰা গৈছে।

কাশ্যপ শৰ্মাই ৩ জুলাইত আৰু ৰাজীৱ দেই ৫ জুলাইত শিৱসাগৰ ছোৱালী কলেজত স্বাব নমুনা দিছিল।

পূৰ্বেও প্ৰশাসনে শিৱসাগৰৰ চাৰিটা অঞ্চল কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল।