NORTHEAST NOW (Assamese)
অসম

আনলক ৪: ছেপ্তেম্বৰত কি খোল খাব, কি বন্ধ থাকিব? ||সবিশেষ

Posted by: ৰূপা সৰকাৰ, কল্পজ্যোতি শইকীয়া Updated by: ৰূপা সৰকাৰ, কল্পজ্যোতি শইকীয়া August 29, 2020 9:57 pm
Unlock 4.0: MHA issues guidelines, allows more activities outside containment zones

কেন্দ্ৰীয় গৃ্হ মন্ত্ৰ্যালয়ে শনিবাৰে আনলক ৪ৰ নিৰ্দেশনাৱলী জাৰি কৰিছে। ১ ছেপ্তেম্বৰৰ পৰা এইসমূহ কাৰ্য্যকৰী হ’ব।

এই নিৰ্দেশনাৱলীত ২১ ছেপ্তেম্বৰৰ পৰা সৰ্বোচ্চ ১০০গৰাকী লোকেৰে সামাজিক, শৈক্ষিক, ক্ৰীড়া, মনোৰঞ্জন, সাংস্কৃতিক, ধৰ্মীয়, ৰাজনৈতিক অনুষ্ঠান আৰু আন সমাৱেশৰ অনুমতি দিয়া হৈছে।

অৱশ্যে এনে সীমিত সমাৱেশত মুখা পৰিধান, সামাজিক দূৰত্ব বজাই চলা, থাৰ্মেল স্কেনিং আৰু হেণ্ড ৱাশ্ব বা ছেনিটাইজাৰৰ ব্যৱস্থা থকাতো বাধ্যতামূলক।

কোনো ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা নকৰাকৈ কন্টেইনমেন্ট জ’নৰ বাহিৰতো কোনোধৰণৰ স্থানীয় লকডাউন দিব নোৱাৰিব বুলি নিৰ্দেশনাত উল্লেখ আছে।

আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত সামগ্ৰী বা ব্যক্তিৰ চলাচলত কোনো সীমাবদ্ধতা নাথাকিব। সুকীয়া অনুমতি, অনুমোদন বা ই পাৰ্মিটৰ প্ৰয়োজন নহ’ব।

স্কুল, কলেজ, শৈক্ষিক আৰু ক’চিং প্ৰতিষ্ঠানসমূহ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰু নিয়মীয়া শ্ৰেণীৰ ক্ষেত্ৰত ৩০ ছেপ্তেম্বৰলৈকে বন্ধ থাকিব।

অনলাইন আৰু ডিষ্টেন্স লাৰ্নিং অব্যাহত থাকিব।

মেট্ৰ’ ৰেলসেৱা ৭ ছেপ্তেম্বৰৰ পৰা পৰ্য্যায়ক্ৰমে মুকলি কৰাৰ অনুমতি দিয়া হ’ব।

মুকলি মঞ্চৰ থিয়েটাৰসমূহ খোলাৰ বাবে ২১ ছেপ্তেম্বৰৰ পৰা অনুমতি দিয়া হ’ব।

কণ্টেইনমেণ্ট জ’নত ৩০ ছেপ্তেম্বৰলৈকে লকডাউন কঠোৰভাৱে বলৱৎ থাকিব।

আনলক ৪টো চিনেমা হল, ছুইমিং পুল, মনোৰঞ্জন উদ্যান, থিয়েটাৰ আৰু সদৃশ ঠাইসমূহ, মন্ত্ৰ্যালয়ে অনুমতি নিদিয়া আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰা বন্ধ থাকিব।

বিপদসাধ্য ব্যক্তি যেনে ৬৫ বছৰৰ ওপৰৰ লোক, ৰুগীয়া লোক, গৰ্ভৱতী মহিলা আৰু দহ বছৰৰ তলৰ শিশুক অত্যাৱশ্যকীয় প্ৰয়োজন আৰু স্বাস্থ্যজনিত কাৰণৰ বাহিৰে ঘৰতে থকাৰ পৰামৰ্শ দিয়া হৈছে।

আৰোগ্য সেতু ম’বাইল এপ ব্যৱহাৰক উৎসাহিত কৰাটো অব্যাহত থাকিব।