NORTHEAST NOW (Assamese)
অসম

অসমত আৰু তিনি ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২৮৯লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 29, 2020 10:38 pm
12 more Covid19 patients die in Assam on Saturday

আৰু তিনিগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৮৯লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে—ডিব্ৰুগড়ৰ দীপালী ভূঞা (৭৬), তিনিচুকীয়াৰ ধৰম নাথ সিং (৫৭) আৰু পশ্চিম কাৰ্বি আংলঙৰ অঞ্জিত কুমাৰ নাথ (৫৪)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

শুকুৰবাৰলৈকে অসমত ২৮৬গৰাকী ব্যক্তিয়ে ক’ভিডত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ৮১,০৭০গৰাকী ব্যক্তিয়ে অসমত শুকুৰবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত শুকুৰবাৰলৈকে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২০,০০৮ (।)

শুকুৰবাৰলৈকে অসমত চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,০১,৩৬৭ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।