NORTHEAST NOW (Assamese)
Popular Stories

বাবৰি মছজিদ আছিল, আছে আৰু থাকিব : ৰাম মন্দিৰৰ ভূমিপূজনক লৈ আছাদুদ্দিন ওৱেছিৰ মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 5, 2020 10:14 am
বাবৰি মছজিদ আছিল, আছে আৰু থাকিব : ৰাম মন্দিৰৰ ভূমিপূজনক লৈ আছাদুদ্দিন ওৱেছিৰ মন্তব্য

আজি অযোধ্যাত ভূমিপূজনৰ জৰিয়তে আৰম্ভ হ’ব ৰাম মন্দিৰৰ নিৰ্মাণ। বহু বছৰৰ প্ৰতিক্ষাৰ অন্তত দেশবাসীয়ে এই ঐতিহাসিক মূহুৰ্তৰ সাক্ষী হোৱাৰ সুযোগ লাভ কৰিছে।

ভূমিপূজনৰ কাৰ্যসূচীৰ বাবে উত্তৰ প্ৰদেশৰ অযোধ্যা নগৰক কইনাৰ দৰে সজাই পৰাই তোলা হৈছে।

কিন্তু এই ঐতিহাসিক ক্ষণৰ ঠিক আগ মূহুৰ্তত অল ইণ্ডিয়া মজলিছ-এ-ইট্টেহাদুল মুছলিমিনৰ নেতা আছাদুদ্দিন ওৱেছিয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।

ওৱেছিয়ে আজি টুইটাৰযোগে কয়, ‍‘বাবৰি মছজিদ আছিল, আছে আৰু থাকিব ইনছাল্লাহ’। লগতে তেওঁ ‍‘বাবৰি জিন্দা হে’ শীৰ্ষক হেছটেগ ব্যৱহাৰ কৰে।

উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি শীৰ্ষ পৰ্যায়ৰ নেতাৰ লগতে মুঠ ১৭৫ গৰাকী আমন্ত্ৰিত অতিথি ভূমিপূজনৰ ঐতিহাসিক মূহুৰ্তৰ সাক্ষী হৈ ৰ’ব।

দুপৰীয়া ১২ টা ৪০ মিনিট ৮ ছেকেণ্ডৰ পৰা আৰম্ভ কৰি ১২ টা ৪০ মিনিট ৪০ ছেকেণ্ডলৈ অৰ্থাৎ মাত্ৰ ৩২ ছেকেণ্ড সময় হৈছে শুভ ক্ষণ।

উক্ত সময়ছোৱাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ শিলান্যাস কৰাৰ কথা।