NORTHEAST NOW (Assamese)
অসম

সম্প্ৰীতিৰ মিলন ভূমি কোকিলা; ক’ৰ’নাৰ পৰা মুক্তি বিচাৰি হিন্দু-মুছলমানে কৰিলে প্ৰাৰ্থনা

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী August 5, 2020 10:57 am

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীত কালি সন্ধিয়া আৰক্ষী বিষয়া শিৱ প্ৰসাদ কলিতাৰ উদ্যোগত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে ক’ৰ’না ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰে।

চাকি, বন্তি আৰু ধুপ জ্বলাই কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ সন্মুখত থকা শিৱ মন্দিৰ প্ৰাংগনত আঠু কাঢ়ি প্ৰাৰ্থনা কৰে আৰু ইছলাম ধৰ্মাৱলম্বী লোকে মোনাজাত কৰি নেদেখা জনৰ ওচৰত ক’ৰ’ণা ভাইৰাছৰ পৰা ত্ৰাণ পাবলৈ দোৱা কৰে।

বিশেষকৈ বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে সমগ্ৰ বিশ্বতে COVID-19 ত আক্ৰান্ত হৈ থকা লোকৰ আশু আৰোগ্য কামনাৰ্থে এই সভাৰ আয়োজন কৰা হয় বুলি জানিব পৰা গৈছে।

ইফালে আজি ৰাম মন্দিৰৰ শিলান্যাস কৰাৰ সময়তে এনে সৰ্ব ধৰ্মই অঞ্চলটোলৈ সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিছে বুলিও বহুতে উল্লেখ কৰে।

আৰক্ষী বিষয়া শিৱ প্ৰসাদ কলিতাই এই সৰ্ব ধৰ্ম প্ৰাৰ্থনা আয়োজন কৰাত জ্ঞানী মহলে তেওঁক ভূয়সী প্ৰশংসা কৰিছে।